গুৱাহাটী, ৩ এপ্ৰিলঃ আয়ুষ্মান ভাৰত কাৰ্ডৰ বাবে কামৰূপ মহানগৰ জিলাৰ হিতাধিকাৰী সকলক সামৰি লোৱাৰ উদ্দেশ্যে জিলাখনৰ ৫০ খন চৰকাৰী স্বাস্থ কেন্দ্ৰত অহা ৫ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ মেগা ই-কে ৱাই চি(e-KYC) মেলাৰ আয়োজন কৰা হৈছে। ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ নিকটৱৰ্তী চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ গৈ ই-কে ৱাই চি(e-KYC) বৈধতা নিৰূপণৰ জৰিয়তে আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰিব পাৰিব। অধিক তথ্যৰ বাবে ওচৰৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰ অথবা আশাকৰ্মীৰ স’তে যোগাযোগ কৰিবলৈ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰীকাই আহ্বান জনাইছে৷