কৰিশ্মা নাথ, নাহিদ আফ্ৰিন আৰু তাৰ পিছত সমন্বয় আদি বিষয়বোৰক এৰি এইবাৰ অসমৰ ৰাইজ ব্যস্ত হ’ল আন এক বিষয়বস্তুক লৈ৷অসমৰ সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যম সকলোতে মাত্ৰ এটাই চৰ্চা যে এইবাৰ সুৰাৰ বটলৰ বিহু সংস্কৰণেৰে লাঘৱ কৰিছে অসমীয়াৰ আদৰৰ বিহুৱান খনৰ সন্মান ৷
কিন্তু সামাজিক মাধ্যম যোগে বহুজনেই আকৌ প্ৰশ্ন কৰিছে যে ৰঙা দেখিলে বুলিয়েই সেইখন অসমীয়াৰ আদৰৰ বিহুৱানখন বুলি কেনেকৈ ভাবিলে বাৰু?
টুইটাৰৰ পৰা আৰম্ভ কৰি ফেচবুকলৈকে সামাজিক মাধ্যম সমূহত বহুতেই সুৰাৰ বটলত গামোচাৰ তীব্ৰ বিৰোধিতা কৰি পোষ্ট দিয়াৰ বিপৰীতে বহুজনে আকৌ এই প’ষ্ট সমূহক লৈও বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে৷ বহুজনে প্ৰশ্ন কৰিছে যে প্ৰকৃতাৰ্থত সেইখন অসমীয়াৰ স্বাভীমান গামোচা হয় জানো?
অৱশ্যেই নহয় ৷
এই ফট’কেইখনলৈ মন কৰিলে নিশ্চয় বুজিব পাৰিব যে এইয়া প্ৰকৃততে কৰ্ণাটকৰ ‘যক্ষগণা’ যি কৰ্ণাটকৰ স্বকীয় সংস্কৃতি পৰম্পৰাকহে প্ৰতিফলিত কৰে ৷ কিন্তু কোনো কাৰণতে ই অসমৰ বা অসমীয়াৰ স্বাভীমান গামোচা নহয় বা হ’ব নোৱাৰে ৷
সমাজৰ চতুৰ্থ স্তম্ভ ৰূপে পৰিগণিত বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যমে সুৰাৰ বটলত এইয়া অসমীয়াৰ স্বাভীমান গামোচা বুলি প্ৰকাশ কৰা প্ৰতিবেদন সন্দৰ্ভতো বিৰূপ মন্তব্য প্ৰকাশ কৰিছে বহু সচেতন ব্যক্তিয়ে ৷
সামাজিক মাধ্যম ফেচবুকত এই সন্দৰ্ভত পোষ্ট আপলোড কৰি বহুজনে অসমীয়াৰ স্বাভীমান বিনষ্ট হোৱা বুলি অভিযোগ কৰাৰ সময়তে কৃষ্ণমণি ভূঞা নামৰ এজন লোকে লিখিছে যে মদৰ বটলত গামোচা গামোচা বুলি টেঁটু ফালি প্ৰতিবাদ কৰা কেইটাই গামোচা চিনি পাই নে নাপায় সন্দেহ হয় আৰু এই নিউজ চেনেলৰ সাংবাদিক সকলে এটা বাতৰি প্ৰচাৰ কৰা আগতে তাৰ বিষয়ে জানি ল’লে ভাল হয়। এইখন যক্ষগণা, কৰ্ণাটকৰ সংস্কৃতিৰ লগত জড়িত সংগীত আৰু নৃত্যৰ ছবি,অসমীয়াৰ স্বাভিমান গামোচা নহয়। যক্ষগণা কৰ্ণাটকৰ সংস্কৃতিৰ বিষয়ে অলপ শিকাৰ চেষ্টা কৰিলেই বুজিব পাৰি যে এইখন অসমীয়াৰ গোমোচা হয় নে নহয়।তেওঁ পুনৰ কয় যে মিছাতে বিতৰ্ক ৰ সৃষ্টি কৰি অযথা কামত মানুহক তাৰ লগত ব্যস্ত কৰাই ৰাখে এই নিউজ চেনল বোৰে। আনফালে লুটি আছে ৰজা মহাৰজাই।লগতে ই এক সুন্দৰ পৰিকল্পনা আৰু সুন্দৰ পৰিবেশ বুলিও প’ষ্টটোত ব্যক্ত কৰে তেওঁ ৷
অৱশ্যে বিষয়টোক বহুল ভাৱে বিতৰ্কৰ আবেষ্টনীত থকাৰ পিছতো এনে ধৰণৰ বহু সচেতন ব্যক্তিৰ বাবেই হয়তো বহুজনে এই কথা উপলব্ধি কৰিব পাৰিছে যে ই অসমৰ গামোচা নহয় ৷
অৱশ্যে সুৰাৰ বটলত হ’লেও কৰ্ণাটকী সংস্কৃতিক সমাজৰ মাজলৈ আগবঢ়াই দিয়া বা এখন ঠাইৰ এক অনন্য সংস্কৃতিৰ বিষয়ে আন দহজনক অৱগত কৰিব খোজা সুৰাৰ প্ৰতিষ্ঠানটোৰ এই চেষ্টাও নিশ্চয় অমূলক নহয় ৷ সুৰাই সমাজ জীৱনত উশ্বৃংখলতাৰ সৃষ্টি কৰা বুলি ভবাৰ বিপৰীতে সুৰাৰ বটলৰ এই যোগাত্মক প্ৰকাশে নিশ্চয় সমাজলৈ এক যোগাত্মক বাৰ্তাকেই কঢ়িয়াই অনা যেন লগা নাইনে বাৰু?