যোৰহাটঃ৪ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টী যোৰহাট জিলা অনুসূচীত জাতি মৰ্চাৰ তৃতীয় খন কাৰ্যনিৰ্বাহক সভা আজি দলৰ জিলা কাৰ্যালয়ত মৰ্চা জিলাৰ সভাপতি অনন্ত দাসৰ সভাপতিত্ব অনুষ্ঠিত হয়। দলৰ পতাকা উওোলনৰ আৰু বন্তি প্ৰজ্বলন কৰে অনন্ত দাসে। মাতৃ বন্দনাৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। শোক প্ৰস্তাৱ পাঠ কৰে জিলাৰ সাঃসম্পাদক ৰমেন দাসে। ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে ৰাজ্যিক কাৰ্যনিবাহক মহেশ হাজৰীকাই। ৰাজনৈতিক প্ৰস্তাৱত কংগ্ৰেছ চৰকাৰে অনুসূচিত জাতি লোক সকলক শোষন আৰু বঞ্চনাৰ পৰিবৰ্তে বিজেপি দলৰ চৰকাৰে জাতিটোক প্ৰকৃত মৰ্যদা দিয়া; দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে বিভিন্ন আচনি জৰিয়তে জাতিটোক আগুৱাই নিয়াৰ পদক্ষেপক বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ক আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু যোৰহাট আৰু মৰিয়নী সভা সমষ্টিৰ বিভিন্ন উন্নয়ন মূলক কামৰ জৰিয়তে সমষ্টিক আগবঢ়ায় নিয়াৰ বাবে হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীক ধন্যবাদ ঞ্জাপন কৰে।ৰাজনৈতিক প্ৰস্তাৱ সমৰ্থন জনায় মৰ্চাৰ জিলাৰ উপ সভাপতি ৰেখা বৰা আৰু বাবাজান দাসে।সভাত জিলাৰ সভাপতি হেমন্ত কলিতা মৰ্চা ৰাজ্যিক সম্পাদক তথা প্ৰভাৰী জিতু হাজৰীকা জিলা প্ৰভাৰী প্ৰমোদ কুমাৰ বৰা অনুসূচিত জাতি মহকুমা উন্নয়ন বৰ্ডৰ সভাপতি জগত চন্দ্ৰ দাস নিতুল দাসে বক্তব্য প্ৰদান কৰে।সভাখন আতধৰে সাঃসম্পাদক মনোজ কমাৰ দাস ৰমেন দাসে। কিংশুক দাস পাপু ৰজকৰ পৰিকল্পাৰে জিলাৰ সভাখন সুন্দৰ ভাৱে অনুষ্ঠিত হয়। সভাত বাৰটা সাংগাঠনিক মণ্ডলৰ সভাপতি সাঃসম্পাদক সকল জিলাৰ সাধাৰন সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ অমৰজ্যোতি শইকীয়া মৰ্চাৰ জিলাৰ বিষয় ববীয়া আৰু কাৰ্যনিৰ্বাহক সকল উপষ্ঠিত থাকে।সভাৰ আদৰনি ভাষন আৰু শলাগ ঞ্জাপন কৰে মৰ্চা জিলাৰ সভাপতি অনন্ত দাসে। ৰমেন দাস ।আহ্বায়ক সামাজিক মাধ্যম কোষ।