গুৱাহাটী, ৪ এপ্ৰিলঃ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ উদ্যোগত আৰু নিউ গুৱাহাটী বিহু সন্মিলনৰ সহযোগত বিহু গীতেৰে বিহুতলী জীপাল কৰি ৰখা প্ৰয়াত অপৃৰ্ব বেজবৰুৱা আৰু ভিতালী দাসৰ সোঁৱৰণত ২ এপ্ৰিলৰ সন্ধিয়া ৭ বজাত নিউ গুৱাহাটী বিহুতলীত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুস্থিত হৈ যায়। অনুষ্ঠানটিত অপূৰ্ব বেজবৰুৱাৰ পৰিয়াল আৰু ভিতালী দাসৰ পৰিয়ালবৰ্গ উপস্থিত হৈ প্ৰয়াত দুয়ো গৰাকী শিল্পাীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত হোৱা কেবাগৰাকী শিল্পীয়ে দুয়োগৰাকী শিল্পীক শ্ৰদ্ধা যাঁচি দুই-এক গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। প্ৰায় পাঁচ শতাধিক দৰ্শকেৰে পৰিপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে সমিতিৰ উপ-সভাপতি অনুপকুমাৰ তালুকদাৰে।
উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি “বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতি” ৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আগবঢ়োৱা”বিশেষ বিহু সংগঠ”ৰ বঁটাটিও উক্ত অনুষ্ঠানতে জ্যেষ্ঠ বিহু সংগঠক শ্ৰীযুত বলেন্দ্ৰ ভঁৰালী দেৱক আগবঢ়োৱা হয় বুলি সমিতিৰ সভাপতি ৰঞ্জন বৰা আৰু সাধাৰণ সম্পাদক অজয় তালুকদাৰে জানিবলৈ দিয়ে।