২১ আগষ্টৰ দিনা মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু তেওঁৰ বান্ধৱী তথা বান্ধৱীৰ পিতৃক মহাবিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বেয়াকৈ আঘাতপ্ৰাপ্ত কৰিছিল।
নন্দিতাৰ বান্ধৱী কাশ্মিনা দত্ত আৰু পিতৃ দেৱ দত্তৰ স্বাস্থ্যৰ উন্নতি হৈছিল যদিও সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছিল নন্দিতা। চিকিৎসকসকলৰ অহোপুৰুষাৰ্থ আৰু ৰাইজৰ শুভাশীষেও জীয়াই তুলিব নোৱাৰিলে পঞ্চম ষান্মাষিকৰ দুৰ্ভগীয়া ছাত্ৰীগৰাকীক। অৱশেষত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতাই।
অজস্ৰ স্বপ্নৰে উজ্জল দুচকু আজি নিস্প্ৰাণ হৈ পৰিল। নন্দিতাৰ মৃত্যুৰ খবৰে আত্মীয়-স্বজনকে ধৰি সমগ্ৰ অসমকে শোকস্তব্ধ কৰি তুলিছে। সকলোৱে একমুখে দোষী ৰিণ্টু শৰ্মাৰ কঠোৰতম শাস্তিৰ দাবী তুলিছে।
ৰিণ্টু শৰ্মা আৰু নন্দিতাৰ মাজত প্ৰেমজনিত সম্পৰ্ক আছিল বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। নন্দিতাই প্ৰতাৰণা কৰিছে বুলি ৰিণ্টুৱে এই চৰম সিদ্ধান্ত লৈছিল বুলিও প্ৰকাশ।
এই বিষয়ত সচেতন মহলত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সম্পৰ্ক এটা গঢ়া বা ভঙাৰ ক্ষেত্ৰত এজন ব্যক্তিৰ সম্পূৰ্ণ অধিকাৰ থাকে। প্ৰেমৰ সম্পৰ্ক ভঙাৰ অজুহাতত কোনো ব্যক্তিয়ে এনে চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে। এয়া বিকৃত মানসিকতাৰ প্ৰতিফলন। গতিকে ৰিণ্টু শৰ্মাৰ দৰে ব্যক্তিক কঠোৰতকৈ কঠোৰতম দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা উচিত বুলি দাবী উত্থাপন কৰিছে সকলোৱে।
এই সন্দৰ্ভত পুনৰ ফাষ্টট্ৰেক আদালতৰ প্ৰসংগ উত্থাপিত হৈছে। একাংশই দাবী কৰিছে যে যেতিয়ালৈকে দোষীৰ বাবে ক্ষিপ্ৰ শাস্তিৰ ব্যৱস্থা নহয় তেতিয়ালৈকে এনে ধৰণৰ ঘটনাবোৰ হৈ থাকিব।