বৃহস্পতিবাৰে গভীৰ নিশা এপলৰ এটা ষ্ট’ৰৰ পৰা দুৰ্বৃত্তই চুৰি কৰিছিল ৪ কোটি টকাৰ আইফোন। আমেৰিকাৰ ৱাশ্বিংটনৰ এটা শ্বপিং মলত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ তদন্ত কৰি থাকোঁতে আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰে।
প্ৰথমতে কেনেদৰে ষ্ট’ৰখনৰ পৰা চোৰ কৰা হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হয় ৷ কিয়নো চোৰে ভঙা নাছিল দোকানখনৰ কোনো তলা অথবা দুৱাৰ-খিৰিকি ৷ কিন্তু ষ্ট’ৰৰ ভিতৰলৈ সোমাই এজন কৰ্মচাৰী সোমাই যোৱাতহে ইয়াৰ ৰহস্য ওলাই পৰে ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে প্ৰত্যক্ষ কৰে যে বিপনীখনৰ মজিয়াৰ এটা অংশ খন্দা আছিল ৷ চোৰৰ কার্য্য দেখি আচৰিত হৈ পৰে আৰক্ষীও ৷
শ্বপিং মলটোত আইফোন ষ্ট’ৰৰ কাষতে আছে এখন কেফে । দুৱাৰ ভাঙি প্ৰথমে কেফেত প্ৰৱেশ কৰে চোৰ। ইয়াৰ পিছত কেফেখনৰ মজিয়াখন খান্দি এটা সুৰংগ নির্মাণ কৰে। সেই সুৰংগেৰে ওচৰৰ আইফোন ষ্ট’ৰটোত সোমাই গ’ল চোৰ । আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰায় ৪ কোটি টকাৰ ফোন চুৰি কৰা হৈছে । সম্প্ৰতি আৰক্ষীয়ে চোৰ বিচাৰি অভিযান অব্যাহত ৰাখিছে।