গুৱাহাটী, ৯ এপ্ৰিলঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত চাৰিগৰাকী জোতিষীৰ দ্বাৰা ৰচিত ‘জ্যোতিষ শিক্ষা শিৰোমণি-জ্যোতিষ বেদাৰ্ণব’ শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়৷ গায়ত্ৰী প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনি ৰচনা কৰিছে গোপাল দেৱ শৰ্মা, লংকেশ্বৰ দেৱ শৰ্মা, বিপুল শৰ্মা আৰু মিলন বৰদলৈয়ে৷ গ্ৰন্থখন উন্মোচন কৰে ‘বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকা’ৰ স্বত্বাধিকাৰী ড° প্ৰবোধ শৰ্মাই৷ ৰাজেন ভট্টাচাৰ্যই আঁতধৰা গ্ৰন্থ উন্মেচনী অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম জ্যোতিষ সভাৰ মুখ্য সম্পাদক কীৰ্তিৰঞ্জ ন শৰ্মা, বাস্তু বিশাৰদ, সঞ্চালক অসম জ্যোতিষ সভা ড॰ অনিল বৰুৱা আৰু সাহিত্যিক অতুল তামুলী৷ কছাৰী যোৱা সত্ৰৰ বিষ্ণু প্ৰসাদ গোস্বামীৰ বন্তি প্ৰজ্ব লনেৰে আৰম্ভ হোৱা সভাখনত পিংকু গোস্বামী শৰ্মাই সৰস্বতী বন্দনা পৰিবেশন কৰে৷