ৰাজ্যবাসীলৈ সু-খবৰ অহা ১ ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা বাছ-মটৰৰ চলাচল আৰম্ভ হোৱাৰ লগতে চলিব নৈশবাছ।
সোমবাৰে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই সন্দৰ্ভত সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানৰে হোৱা বুজাবুজি চুক্তিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা ঘোষণা কৰে।
ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰা প্ৰায় ৬ মাহ দিন ধৰি আন্তঃজিলা বন্ধ হৈ আছিল।যাৰফলত স্তব্ধ হৈ পৰিছিল মানুহৰ জনজীৱন।বিশেষকৈ বাছ সেৱাৰ লগত জড়িত ড্ৰাইভাৰ হেণ্ডিমেন সকল অতিকৈ ক্ষতিগ্ৰস্ত হৈছিল।যদিও চৰকাৰে কিছুদিন পূৰ্বে এইসকল ড্ৰাইভাৰ-হেণ্ডিমেন সকলক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰি আগন্তুক চাৰি-পাঁচদিনৰ ভিতৰত তেওঁলোকক ইয়াৰ বাবে আৱেদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।স
ইফালে সদৌ অসম মটৰ পৰিবহন সন্থাই তেজপুৰত অনুষ্ঠিত হোৱা এক সভাত বিগত দিনত হোৱা ক্ষতিপূৰণৰ বাবে ৫০% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেনেক্ষেত্ৰত কৰ’না কালত তীব্ৰ আৰ্থিক সংকটত ভোগা সাধাৰণ ৰাইজৰ ওপৰত যে এই ভাড়া বৃদ্ধিয়ে যে প্ৰভাৱ পেলাব সেইয়া নিশ্চিত হৈ পৰিছে।