প্ৰতিদিনে বজাৰলৈ গৈ জলকীয়া কিনাটো আমাৰ বহুতৰে অভ্যাস ৷ কিয়নো কেঁচা জলকীয়া এক উৎকৃষ্ট মচলা হিচাপে ব্যৱহাৰ কৰা হয় ৷ বহুতে জলকীয়া কিনাৰ সময়ত ৰংটোৰ প্ৰতি গুৰুত্ব দিয়ে। বহুতে ভাবে যে ৰঙা জলকীয়া সেউজীয়া জলকীয়াততকৈ বেছি জ্বলা। গতিকে বহুতে ৰং চাই জলকীয়া কিনিবলৈ চেষ্টা কৰে। বিশেষজ্ঞসকলৰ মতে, এনেদৰে জলকীয়া চিনিবলৈ চেষ্টা কৰিলে ঠগ খোৱাৰ সম্ভাৱনাই অধিক ৷ গতিকে জ্বলা থকা জলকীয়া কেনেদৰে চিনিব জানেনে ?
১) বিশেষজ্ঞসকলে কয় যে সেউজীয়া জলকীয়া যদি গাঢ় আৰু ক’লা হয় তেন্তে ই অধিক জ্বলা হয়। কিন্তু ৰঙা জলকীয়াৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়।
২) ৰঙা জলকীয়াৰ ক্ষেত্ৰত, যিবোৰৰ ৰং পাতল সেইবোৰ জলকীয়াৰ মাত্ৰা বেছি হয়।