বিতৰ্কৰ আৱর্তত সোমাই পৰিছে বৌদ্ধ ধর্মীয় গুৰু দালাই লামা। শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াত তেওঁ এজন কিশোৰক ওঁঠত চুমা খাই থকা দেখা গৈছে। ভিডিঅ’টোত বৌদ্ধ ধর্মীয় গুৰু গৰাকীয়ে কোৱা কেইবাটায়ো কথাকলৈ বিতৰ্ক আৰম্ভ হৈছে।
এটা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা দালাই লামাক সম্বৰ্ধনা জনাবলৈ আহিছিল কিশোৰজন। সেই সময়ৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াত বৌদ্ধ গুৰুগৰাকীয়ে কিশোৰজনৰ ডিঙিত ধৰি ওঁঠত চুমা খাই থকা দেখা গৈছে। তাৰ পিছত তেওঁ জিভাখন উলিয়াই কিশোৰজনক জিভাখন চুহিবলৈ ক’লে। ভিডিঅ’টোত তেওঁ কোৱা শুনা যায়, “মোৰ জিভা চুহিব পাৰিবানে? ” ভিডিঅ’টোৱে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিশোৰ এজনৰ লগত দালাই কিয় এনে আচৰণ কৰিব তাক লৈ বিতর্কৰ সূচনা হৈছে ৷
এই বিতৰ্কিত ভিডিঅ’টো টুইটাৰত পোষ্ট কৰি দীপিকা পুষ্কৰ নাথ নামৰ এগৰাকী নেটিজেনে লিখিছে, ‘দলাই লামাৰ পৰা এনে অশ্লীল আচৰণ আশা কৰা নহয়। তেওঁৰ আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয়।” জুষ্ট ব্ৰুকাৰ নামৰ আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘দালাই লামাই এজন ভাৰতীয় কিশোৰক চুমা খাইছে। কিন্তু কিয় এনে কৰিলে?”
এইদৰেই ভাইৰেল হৈ পৰিল ভিডিঅ’টো। হাজাৰ হাজাৰ নিন্দাসূচক মন্তব্যও সংযোজন কৰা হৈছে। ইয়াৰ লগে লগে বিতৰ্ক বাঢ়িছে। অৱশ্যে শান্তিৰ নোবেল বঁটা বিজয়ী দালাই ইয়াৰ পূৰ্বেও বিতৰ্কত লিপ্ত হৈছিল। ২০১৯ চনত তেওঁৰ উত্তৰাধিকাৰী বাছনি কৰাৰ সময়ত দালাইয়ে কয় যে যদি এগৰাকী মহিলা দালাই লামা হয় তেন্তে তেওঁ বহুত বেছি আকৰ্ষণীয় হ’ব লাগিব।
বৌদ্ধ আধ্যাত্মিক নেতাগৰাকীয়ে ব্ৰিটিছ সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে। তেতিয়ালৈকে তেওঁ তিব্বতৰ পৰা ভাৰতলৈ আহি আশ্ৰয় লৈছিল। তেওঁ ধৰ্মশালাত থকাৰ পৰাই সাক্ষাৎকাৰটো দিছিল। কোনটোক লৈ সমগ্ৰ বিশ্বতে বিতৰ্কৰ সৃষ্টি হয়। পিছত দালাই লামাই এই বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল।