মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত বিশেষ নিৰীক্ষণ গোটৰ এটি দলে এ চি এছ বিষয়া তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব চাইবুৰ ৰহমানৰ বাসগৃহত চলাইছে মাৰাথান অভিযান। অভিযানত প্ৰচুৰ পৰিমাণৰ সম্পত্তি উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে। তেখেতৰ হাতীগাঁৱস্থিত বাসগৃহ আৰু বেলতলাৰ ৰিদ্ধী- সিদ্ধি এপাৰ্টমেণ্টত অভিযান অব্যাহত আছে। অভিযান সম্পূৰ্ণ হ’লে সম্পত্তিৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে।
আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত এ চি এছ বিষয়া তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব চাইবুৰ ৰহমানক মুখ্যমন্ত্রীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই মংগলবাৰে গ্রেপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰিছিল। এতিয়া বিষয়াগৰাকীৰ অগাধ সম্পত্তিৰ তালিকাই চকু কপালত তুলিছে সকলোৰে।
মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ গোটৰ এটি দলে ২০০২ চনৰ ৬ জুনৰ পৰা ২০২১ চনৰ ৩০ এপ্ৰিললৈকে চাইবুৰ ৰহমানৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তদন্ত চলাইছিল। এই তদন্তত পোহৰলৈ আহিছিল এ চি এছ বিষয়াগৰাকীৰ পৰ্বতসম সম্পত্তিৰ তথ্য। প্ৰকাশিত তথ্য অনুসৰি, চাইবুৰ ৰহমানৰ সম্পত্তিৰ পৰিমাণ তেওঁৰ আয়তকৈ ৯৫ শতাংশ অধিক!
মুখ্যমন্ত্ৰীৰ সতৰ্কতা শাখাৰ আৰক্ষী অধীক্ষকৰ ফালৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, চাইবুৰ ৰহমানে ২০০২ চনৰ ৬ জুনৰ পৰা ২০২১ৰ এপ্ৰিললৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠ ৮৯টা স্থানত ভূমি ক্ৰয় কৰিছিল। এই সমগ্ৰে ভূমি তেওঁ নিজৰ নামৰ উপৰিও দুই পত্নীৰ নামত ক্ৰয় কৰিছিল। এই ৮৯টা স্থানৰ ভূমিৰ বৰ্তমান বজাৰ মূল্য ১০০ কোটিৰো অধিক।
উল্লেখনীয় যে সদ্যসমাপ্ত নির্বাচনত চাইবুৰ ৰহমানৰ দ্বিতীয় পত্নী মীনাক্ষি ৰহমানে সৰুক্ষেত্রী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল৷ উক্ত নির্বাচনত এ আই ইউ ডি এফৰ প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰা মীনাক্ষি ৰহমানে যি বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছিল, সেই লৈ ব্যাপক চর্চাৰ সৃষ্টি হৈছিল৷
মুখ্যতঃ ধন ব্যয়ৰ এই ঘটনাক লৈ মুখ্যমন্ত্রীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাত এটা গোচৰ ৰুজু হৈছিল৷ যোৱা জুন মাহত দাখিল হোৱা উক্ত গোচৰৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ অনুমোদন মর্মে তদন্ত চলাওঁতে চাইবুৰ ৰহমানৰ অবৈধ সম্পত্তিৰ তালিকা পোহৰলৈ আহে৷ তদন্তকাৰী দলে চলোৱা প্রাৰম্ভিক তদন্ততে পোহৰলৈ আহে চাইবুৰ ৰহমানৰ কোটি কোটি সম্পত্তিৰ তালিকা৷