লʼৰাজনৰ নাম অৰ্ণৱ কলিতা । পলাশবাৰী সমষ্টিৰ পলাশবাৰী চহৰৰ সমীপৱৰ্তী হুদুমপুৰ গাঁৱৰ শ্ৰীব্ৰজেন কলিতা আৰু শ্ৰীবৰ্নালী কলিতাৰ একমাত্ৰ সন্তান । লʼৰাজন এই সুন্দৰ পৃথিৱীখনলৈ অহাৰ মাত্ৰ ৮ বছৰহে হৈছে । বয়সৰ জোখেৰে জীৱন মানে কি সি ভালদৰে বুজিবই পৰা হোৱা নাই । তাৰ বয়স এতিয়া লগ-সমনীয়াৰ লগত খেল-ধেমালী কৰি দিন কটোৱাৰ । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত সি এতিয়া যুজিব লগা হৈছে তাৰ দেহৰ মাৰাত্মক বেমাৰটিৰ লগত । সি আজি Bone Cancer ত আক্ৰান্ত । জীৱন যন্ত্ৰণা শব্দটিৰ লগত মুখামুখি হোৱাৰ বয়স নৌহওঁতেই তাৰ কুমলীয়া শৰীৰটিত থিতাপি লʼলে Bone Cancer ৰ দৰে মাৰাত্মক ৰোগৰ বীজাণু ।
মাক-দেউতাকৰ একমাত্ৰ ভৰষা তথা সন্তানৰূপে এই পৃথিৱীখনলৈ অহা অৰ্ণৱ আজি দুৰাৰোগ্য কেন্সাৰ ৰোগীৰূপত মহানগৰীৰ ড° বি বৰৱা কেন্সাৰ হাস্পতালৰ বিছনাত চিকিৎসাধীন । এহাল মাক-দেউতাকৰ বাবে ইয়াতকৈ জানো কিবা দুখৰ খবৰ হʼব পাৰে ! কোনো পিতৃ-মাতৃয়ে নিজ সন্তানক এনে ৰূপত চাব নিবিচাৰে । কিন্তু তাক সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ ব্যয়বহুল চিকিৎসাটিৰ প্ৰয়োজননীয় ধন যোগাৰ কৰিবলৈ তেওঁলোক অসমৰ্থ । কোনোমতে দুবেলা-দুমুঠি পেটে-ভাতে খাই জীয়াই থকা পৰিয়ালটিয়ে অৰ্ণৱক সুস্থ কৰি তোলাৰ আপ্ৰান চেষ্টা কৰি আছে যদিও আৰ্থিক দূৰৱস্থাৰ বাবে ব্যয়বহুল চিকিৎসাখিনি হয়তো আধাবাটতে সামৰিব লগা আশংকাই দেখা দিছে । যাৰ ফলত মাক-দেউতাকৰ বুকু শুদা কৰি অৰ্ণৱ এই পৃথিৱীৰ পৰা আতঁৰি যোৱাৰ পথত অগ্ৰসৰ হৈছে ।
সমাজত ভাল মানুহ আছে বাবেইতো সমাজখন ইমান সুন্দৰ হৈ আছে । মানুহৰ পৃথিৱীত মানুহৰ বাবেই যদি আমি কিবা অকণমান কৰিব নোৱাৰোঁ তেতিয়াহʼলে আমি জানো নিজকে জীৱশ্ৰেষ্ঠ বুলি গৌৰৱ কৰিব পাৰিমনে ? সেয়ে মই বিচাৰিছোঁ চিনাকি-অচিনাকীৰ ভেদাভেদ নাৰাখি আমি সকলোৱে নিজৰ সামৰ্থ্য অনুযায়ী অৰ্ণৱৰ ব্যয়বহুল চিকিৎসাৰ সহায়ক হোৱাকৈ আৰ্থিক সাহায্য আগবঢ়াই এটি নিষ্পাপ মানৱ জীৱন ৰক্ষা কৰোঁ আহক । এহাল দুৰ্ভগীয়া পিতৃ-মাতৃৰ নিজ সন্তানৰ স্নেহত ককবকাই থকা বুকুখন শুদা হোৱাৰ পৰা ৰক্ষা কৰোঁ আহক । সকলো নেদেখাজনৰ সিদ্ধান্তৰ ওপৰত অৰ্পণ কৰি মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ মই আপুনি আমি সকলোৱে নুন্যতম কিবা এটা আৰ্থিক সাহায্য আগবঢ়াই অৰ্ণৱক মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভোতাই আনো আহক….।
HDFC BANK ( Bijaynagar)
IFSC- HDFC 0002897
A/C- 500100322624730
GPay- 6001519990