পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত হয় আন এক বিস্ফোৰণ। সোমবাৰে বেলুচিস্তানৰ ৰাজধানী কুৱেট্টাৰ ৰাজপথত সংঘটিত হোৱা বিস্ফোৰণত চাৰিজন লোক নিহত হয়। গুৰুতৰভাৱে আহত হয় ৮ জন। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে দেশখনৰ স্বাধীনতাৰ সমৰ্থক বেলুচ সংগঠন এটাই এই আক্ৰমণ সংঘটিত কৰিছে । বেলুচিস্তান প্ৰাদেশিক আৰক্ষীৰ এজন বিষয়া শ্বাফকাত চিমাই ৰয়টাৰ্ছ সংবাদ সংস্থাক কয় , “কুৱেট্টাৰ কন্দাহাৰী বজাৰৰ ৰাজপথত ৰখাই থোৱা আৰক্ষীৰ বাহন এখনক লক্ষ্য কৰি লৈ এই বিস্ফোৰণ সংঘটিত হয়। বজাৰৰ ভিতৰত এখন মটৰবাইকত এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) ৰখা হয়।” স্থানীয় লোকৰ সহায়ত আহতসকলক চিকিৎসালয়লৈ লৈ যায় বুলিও তেওঁ কয়।
পাকিস্তান চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত স্বাধীনতা সমৰ্থক বেলুচ ‘জাংগীৰা’ই বৰখান প্ৰদেশত মটৰবাইকত আই ই ডি বিস্ফোৰণ কৰিছিল। সেই ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছিল। মাৰ্চ মাহত কুৱেট্টাত সংঘটিত একেধৰণৰ বিস্ফোৰণত বেলুচ স্বাধীনতা সংগ্ৰামীয়ে ৯ জন আৰক্ষীক হত্যা কৰিছিল। আনহাতে, সোমবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সশস্ত্ৰ বিদ্ৰোহী সংগঠন তেহৰিক-ই-তালিবানৰ আক্ৰমণত এজন জোৱান নিহত হয়।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৪৭ চনৰ ১১ আগষ্টত থলুৱা ৰাজ্য কালাট ব্ৰিটিছ শাসনৰ পৰা মুক্ত হয়। ১২ আগষ্টত কালাটৰ শাসক মিৰ চুলেইমান দাউদে স্বাধীনতা ঘোষণা কৰে। কিন্তু সেই স্বাধীনতাৰ সময়সীমা আছিল মাত্ৰ ৭ মাহ। ১৯৪৮ চনৰ ২৭ মাৰ্চলৈকে। বেলুচিস্তানৰ জনসাধাৰণৰ বাবে সেই দিনটো এতিয়াও যন্ত্ৰণাৰ ‘পৰাধীন দিৱস’! ৭ দশক আগতে সেইদিনা পাকিস্তানী সেনাই বেলুচিস্তান দখল কৰিছিল। তেতিয়াৰ শাসকক অস্ত্ৰৰ ভাবুকি দি পাকিস্তানত যোগদান কৰিবলৈ বাধ্য কৰাইছিল। বেলুচিস্তানৰ পুনৰ স্বাধীনতাৰ যুদ্ধ আৰম্ভ হয় ।
পাকিস্তানৰ সৰ্ববৃহৎ প্ৰদেশ বেলুচিস্তান প্ৰাকৃতিকভাৱে আটাইতকৈ চহকী। ‘চীন-পাকিস্তান ইকনমিক কৰিডৰ’ (চিপিইচি) সৃষ্টিৰ পাছত বিগত কেইবছৰমানৰ পৰা এই লুণ্ঠন বৃদ্ধি পাইছে। পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশৰ কাছগড়ৰ পৰা আৰম্ভ হৈ কাৰাকোৰামৰ মাজেৰে পাকিস্তানত প্ৰৱেশ কৰে এই পথটো। প্ৰায় ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো বেলুচিস্তান প্ৰদেশৰ দক্ষিণ-পশ্চিম প্ৰান্তত চীনৰ নিয়ন্ত্ৰিত গ্ৱাদাৰ বন্দৰত শেষ হয়।
‘বেলুচ নেচনেলিষ্ট আৰ্মি’(বিএনএ), ‘বেলুচিস্তান লিবাৰেশ্যন আৰ্মি’ (বিএলএ)ৰ দৰে স্বাধীনতা সমৰ্থক সশস্ত্ৰ সংগঠনে অভিযোগ কৰিছে যে ইছলামবাগ আৰু বেইজিঙৰ শাসকসকলে সেই পথটো ব্যৱহাৰ কৰি বেলুচিস্তানৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰিছে। ‘বেলুচিস্তানৰ গান্ধী’ নামেৰে পৰিচিত স্বাধীনতা সমৰ্থক নেতা আব্দুল কাদিৰ বেলুচে কেইবছৰমানৰ আগতে দিল্লীলৈ আহি কৈছিল যে ১৯৭১ চনত ভাৰতে বাংলাদেশৰ কাষত যিদৰে থিয় দিছিল, সেইদৰে ভাৰতে বেলুচিস্তানৰ কাষত থিয় দিয়াটো বিচাৰে। লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰ্জাতিক মঞ্চত পাকিস্তানে বেলুচিস্তানৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰসংগ উত্থাপন কৰিবলৈ আহ্বান জনায় ৷