অত্যধিক প্ৰদূষণ, মানসিক চাপ, পুষ্টিৰ অভাৱ, চুলিৰ সঠিক যত্ন নোলোৱা – এইবোৰ চুলি সৰাৰ কিছুমান কাৰণ। প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলে সাময়িকভাৱে এই সমস্যাৰ পৰা উপশম পাব পাৰি ৷ কিন্তু দীৰ্ঘম্যাদী নহ’বও পাৰে ৷ বহু সময়ত দেখা গৈছে যে প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰে চুলি সৰাৰ পৰিমাণ বৃদ্ধি কৰে ৷ চুলি সৰা ৰোধ কৰিবলৈ কিছুমান নিয়ম মানি চললিব পাৰে। বহু লোকে চুলি সৰা সমস্যা কমোৱাৰ বাবে ঘৰুৱা উপায়ৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান পেক আছে, যিবোৰ ব্যৱহাৰ কৰিলে চুলি সৰা সমস্যা কম হ’ব।
নাৰিকল আৰু কল
চুলিৰ যত্নৰ বাবে নাৰিকল তেলৰ উপকাৰিতা সকলোৱে জানে। কিন্তু নাৰিকলৰ গাখীৰো কম উপকাৰী নহয়। কল আৰু নাৰিকলৰ গাখীৰৰ সংমিশ্ৰণে চুলি সৰা সমস্যা সোনকালে দূৰ কৰিব। পকা কল এটা লৈ ভালদৰে পিটিকি লওক। তাৰ লগত আধা কাপ নাৰিকল মিহলাই মিক্সাৰত এবাৰ ঘূৰাই ঘূৰাই ডাঠ মিশ্ৰণ এটা বনাব। এইবাৰ চুলিৰ গুৰি আৰু মূৰত ভালদৰে মিশ্ৰণটো লগাই কিছু সময় থৈ দিব। শুকুৱাই লোৱাৰ পিছত চেম্পুৰে ধুব লাগে।
চালকুঁৱৰী
কেৱল ছালত নহয়, চুলিৰ যত্নত এলোভেৰা বা চালকুঁৱৰী অতি ফলপ্ৰসূ। চুলিক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈও এলোভেৰাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি। ৪-৫ চামুচ এলোভেৰা জেলৰ লগত কেইটোপালমান অলিভ অইল, এচামুচ মৌ, কেষ্টাৰ অইল একেলগে মিহলাই লওক। ইয়াৰ পিছত চুলিৰ গুৰিত ভালদৰে লগাব লাগে। ৩০ মিনিট ৰাখি চেম্পু কৰি লওক। চুলি সৰা কমি যোৱাৰ লগতে চুলি বৃদ্ধি পাব।
কণী আৰু মৌ
কণী আৰু মৌ দুয়োটা চুলি সৰা ৰোধ কৰিবলৈ অতি উত্তম উপাদান। চুলি মসৃণ ৰখাৰ পৰা আৰম্ভ কৰি চুলি সৰাৰ সমস্যা সমাধানলৈকে সকলো এই উপাদান দুটাৰ মাজত লুকাই আছে। ইয়াৰ বাহিৰেও কণীত থকা প্ৰটিন চুলিৰ বাবে অন্যতম পুষ্টিকৰ উপাদান। এটা বাটিত দুটা কণী ফেটি লওক। তাত এচামুচ মৌ দিব। এই মিশ্ৰণটো চুলি আৰু মূৰৰ ছালত ভালদৰে লগাব লাগে। ১০ মিনিট ৰাখিব। চুলি সৰা সমস্যা নিমিষতে কমি যাব।