ব্ৰাছ কৰিলে মধুমেহ ৰোগৰ সম্ভাৱনা হ্ৰাস পায় নেকি? শুনিবলৈ আচৰিত যেন লাগিলেও এই কথা সঁচা যে ‘সমাচাৰ নামাৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ এক গৱেষণাত এই কথা পোহৰলৈ আহিছে যে দিনটোত কমেও তিনিবাৰ ব্ৰাছ কৰিলে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়। এক গৱেষণাত এই কথা পোহৰলৈ আহিছে যে বিপাকীয় বিকাৰে মুখৰ আভ্যন্তৰত প্ৰভাৱ পেলায়। অৱশ্যে দাঁতৰ সমস্যা আৰু ডায়েবেটিছৰ সম্পৰ্ক সম্পৰ্কে অধিক গৱেষণাৰ থল আছে।
কি সম্পৰ্ক আছে দাঁতৰ সমস্যা আৰু মধুমেহ ৰোগৰ?
আচলতে দাঁতৰ আলুত সংঘটিত হোৱা ৰোগক চিকিৎসা বিজ্ঞানৰ ভাষাত পিৰিয়ড’নটাইটিছ বুলি কোৱা হয়। দাঁতৰ আলু আৰু হাড়ত বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা এই ৰোগক চিকিৎসা বিজ্ঞানৰ ভাষাত পিৰিয়ড’নটাইটিছ বুলি কোৱা হয়।যাৰ সময়মতে চিকিৎসা নকৰিলে দাঁতৰ বিষ বৃদ্ধি পাব পাৰে। আনহাতে দাঁতৰ আলুৰ ৰোগ থকা লোকসকলৰ তেজত জ্বলন-পুৰণৰ মাত্ৰা অধিক হয়। ই ইনচুলিনৰ সংবেদনশীলতা হ্ৰাস কৰি তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।
ডায়েবেটিছে মুখৰ সমস্যাৰ সৃষ্টি কৰিব পাৰেনেকি?
স্বাস্থ্য বিশেষজ্ঞ সকলৰ মতে এই সন্দৰ্ভত অধিক গৱেষণাৰ থল আছে। যদিও মুখৰ সমস্যাৰ বাবে ডায়েবেটিছ হ’ব পাৰে, কিন্তু কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে দাঁতৰ আলুৰ ৰোগ হ’লে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি হয়।আনহাতে গৱেষণাত এই কথাও প্ৰকাশ পাইছে যে ডায়েবেটিছ ৰোগীৰ দাঁতৰ সমস্যাৰ সম্ভাৱনা অধিক।
মধুমেহ ৰোগে কিয় দাঁতৰ সমস্যাৰ সৃষ্টি কৰে?
লেলাউতি এনে এটা পদাৰ্থ যাৰ বাবে দাঁতবোৰত বেক্টেৰিয়া বৃদ্ধি নহয় আৰু দাঁতবোৰ পচি নাযায় । গৱেষণাৰ মতে মধুমেহ ৰোগে মুখৰ লালগ্ৰন্থিবোৰৰ ওপৰত প্ৰভাৱ পেলাই যাৰ বাবে লেলাউতি কমকৈ ওলাবলৈ আৰম্ভ কৰে। এই বাবেই লেলাউতিত গ্লুক’জৰ মাত্ৰা অধিক হোৱাৰ ফলত মানৱ শৰীৰত দাঁতৰ বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।