আলু অবিহনে সুস্বাদু ব্যঞ্জন! এয়া হয়তো বহুতৰ বাবে কল্পনাৰ অতীত ৷ ইয়াৰ বাহিৰেও শাক-পাচলিৰ ভিতৰত আলু সস্তা, গতিকে ইয়াৰ চাহিদাও বেছি।কিন্তু বহু সময়ত আলুৰ মূল্য বৃদ্ধি পায় ৷ কিন্তু দাম বাঢ়িলেও প্ৰতি কিলোগ্ৰামত হয়তো সর্বাধিক ৩০-৩৫ টকালৈ বৃদ্ধি পায় ৷
কিন্তু এক প্ৰকাৰৰ আলু আছে যাৰ দামে আপোনাক আচৰিত কৰি তুলিব পাৰে। সেই আলুৰ দাম যদি এশ দুশ নহয়, কেইবা হাজাৰ টকা ৷ আলু, আৰু হাজাৰ হাজাৰ টকা! আনকি “কল্পনা” কৰাটোও সম্ভৱ নহয়। কিন্তু সেয়া সপোন নহয়, বাস্তৱত এনেকুৱা এটা প্ৰকাৰৰ আলু আছে, যাৰ দাম প্ৰতি কেজিত ৪০-৫০ হাজাৰ টকা।
এই আলুৰ নাম ‘লা বনোটে’। এই বিৰল প্ৰজাতিৰ আলু বছৰত মাত্ৰ ১০ দিনহে পোৱা যায়। এই ধৰণৰ আলুৰ খেতি ফ্ৰান্সৰ আইলে ডি নয়ৰমন্টিয়াৰ দ্বীপত কৰা হয়। এই বহুমূলীয়া আলু ইমানেই বিৰল যে মাত্ৰ ৫০ বৰ্গমিটাৰ মাটিতহে খেতি কৰা হয়। বালিচহীয়া মাটিত খেতি ‘লা ব’নো’ত কৰা হয়। সাগৰীয় অপতৃণ আৰু প্ৰবাল সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। আৰু সেইবাবেই এই আলুৰ দাম ইমান বেছি।
কেৱল দামতে নহয়, সোৱাদৰ দিশতো ‘লা বনোট’ আন প্ৰকাৰৰ আলুতকৈ সম্পূৰ্ণ পৃথক। ইয়াৰ সোৱাদ অলপ টেঙা। খোৱাৰ পিছত অলপ নিমখীয়া। ইয়াৰ বাহিৰেও এই আলুৰ সোৱাদ বাদামৰ দৰে। এই আলুবোৰ অতি যত্নৰে খেতি কৰা হয়। আলু চপোৱাও অতি সাৱধানে কৰা হয়। এই আলুবোৰ এটা এটাকৈ হাতেৰে ছিঙি চপোৱা হয়। এই আলু চপোৱাৰ কাম প্ৰতি বছৰে এসপ্তাহৰ বাবে কৰা হয়। কৃষকসকলে আলুৰ বাকলি নেপালবলৈ পৰামৰ্শ দিয়ে। কাৰণ বাকলি পেলোৱাৰ পিছত এই আলুবোৰৰ সোৱাদ আৰু গোন্ধ নোহোৱা হয় ৷