ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে ভাৰতৰ সমৰ্থন বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিপ্ৰেৰণ কৰিছে । ভাৰত ভ্ৰমণলৈ অহা ইউক্ৰেইনৰ মন্ত্ৰী ইমিন জাপাৰোভাই উপ-বিদেশ মন্ত্ৰী মীনাক্ষী লেখীক এই পত্ৰ প্ৰদান কৰে। ইমিনে কয় যে জেলেনস্কি ভাৰতত জি-২০ সন্মিলনত ভাষণ দিবলৈ আগ্ৰহী। উল্লেখযোগ্য যে বালিত অনুষ্ঠিত জি-২০ সন্মিলনত তেওঁ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিছিল।
তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ছোৱাত নিজেই জাপাৰোভাই ভাৰতক ৰাছিয়া-ইউক্ৰেইন যুদ্ধত তেওঁলোকৰ কাষত থিয় দিবলৈ বাৰে বাৰে অনুৰোধ জনাইছে। তেওঁ কয়, “এই যুদ্ধত ৰাছিয়াৰ কাষত থিয় দিয়াৰ অৰ্থ হ’ল –“ অন্যায়ৰ সমৰ্থক হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰা ৷” যুদ্ধবিধ্বস্ত দেশখনক ভাৰতে সহায়ৰ প্ৰতিশ্ৰুতি দিছে বুলি জনা যায়। দিল্লীয়ে শীঘ্ৰে কিয়েভলৈ স্কুল বাছ আৰু অন্যান্য সাহায্য প্ৰেৰণ কৰিব।
যোৱা কেইদিনমানত জাপাৰোভাই কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল। পিছত তেওঁ টুইট কৰি কয়, “মীনাক্ষী লেখিৰ সৈতে সাক্ষাৎ ফলপ্ৰসূ হৈছে। ইউক্ৰেইনত চলি থকা অন্যায় আগ্ৰাসনৰ বিষয়ে মই মন্ত্ৰীগৰাকীক অৱগত কৰিছো।বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ কথা চৰ্চা হৈছিল।“
আগন্তুক জি-২০ সন্মিলনৰ অধ্যক্ষ হৈছে ভাৰত। সেই প্ৰেক্ষাপটত জাপাৰোভাই কয় যে ভাৰতে বিশ্বৰ নেতা আৰু জি-২০ৰ ৰাষ্ট্ৰপতি হিচাপে বিশ্বলৈ শান্তি অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মহাত্মা গান্ধীৰ উদ্ধৃতি দি তেওঁ হিংসাৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনায়। তেওঁ কয়, ইউক্ৰেইনৰ লগত ভাৰতৰ বহু মিল আছে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট সম্ভাৱনা আছে।