গোৱালপাৰাৰ কৃষ্ণাইৰ ষ্টেপছ্ একাডেমী কৃষ্ণাই ৰ সৌজন্যত যোৱা ২৫ ডিছেম্বৰ ২০২২ আৰু ১০ জানুৱাৰীত ২০২৩ত অনুষ্ঠিত হোৱা দুটা পৰ্যায়ৰ Steps’ Top 10 Entrance Exam 2023 ৰ ফলাফল আনুষ্ঠানিক বাবে একাডেমী কতৃপক্ষই যোৱা ১০ এপ্রিল ২০২৩ত ঘোষণা কৰে॥উক্ত প্ৰতিযোগীতা মূলক পৰীক্ষাত উত্তীৰ্ণ মুঠ ১০০ গৰাকী পৰীক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । কৃষ্ণাইৰ ষ্টেপছ্ একাডেমী হৈছে এখন ব্যত্তিগত খণ্ডৰ শিক্ষানুষ্ঠান। ছাত্ৰ-ছাত্ৰী সকলে যাতে শৈক্ষিক জীৱনত সৰ্বভাৰতীয় পৰ্যায়ত উপনীত হ’ব পৰাকৈ উন্নত মানদণ্ডৰ জ্ঞান লাভ কৰি শিক্ষা আহৰণ কৰিব পাৰে তাৰ প্ৰতি ষ্টেপছ্ একাডেমী সদায় যত্নপৰ বুলি অৱগত কৰে। অনুষ্ঠানটিত Steps’ Top 10 পৰীক্ষাত উত্তীৰ্ণ হোৱা ১০০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰথম দহ গৰাকী ছাত্ৰ ছাত্ৰীক ষ্টেপছ্ একাডেমী কৃষ্ণাইয়ে উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰমৰ সম্পূৰ্ণ বিনামূলীয়া পাঠদান আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি একাদশ স্থানৰ পৰা শতক স্থান দখল কৰা ৯০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো বিশেষ শৈক্ষিক জলপানি আগবঢ়োৱা হ’ব বুলিও ষ্টেপছ্ একাডেমী কতৃপক্ষই ঘোষণা কৰে । উল্লেখনীয় যে NEET / JEE আদি সৰ্ব ভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰবেশ পৰীক্ষা সমূহতো উত্তীৰ্ণ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰী সকলক সাজু কৰি তুলিবলৈ ষ্টেপছ্ একাডেমীয়ে নিজাববীয়াকৈ NEET আৰু JEEৰ কেবাখনো সমল পুথি (Study Materials) উক্ত অনুষ্ঠানৰ জৰিয়তে উন্মোচন কৰে । এই পদক্ষেপক সকলো অভিৱাবক মহলে শলাগ লৈছে।নামনি অসমৰ কেবাখনো জিলাৰ পৰা অহা প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ ভীৰ অনুষ্ঠানটিত দেখিবলৈ পোৱা যায়।
গোৱালপাৰাৰ পৰা শাহিনুৰ আলমৰ ৰিপোট