মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত তীব্ৰ গৰমৰ বাবে অসুস্থ হৈ কমেও ৮ জন লোকৰ মৃত্যু হৈছে ৷ দেওবাৰে সেই অঞ্চলত অনুষ্ঠিত হোৱা ‘মহাৰাষ্ট্ৰ ভূষণ বঁটা’ অনুষ্ঠানত বহু লোকে অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল । তীব্ৰ ৰ’দত মুকলি আকাশৰ তলত বহি আছিল দৰ্শক। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শ্বিণ্ডে কয় যে গ্ৰীষ্মপ্ৰৱাহৰ ফলত ৮জন লোকৰ মৃত্যু হৈছে। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ২৪ জন লোক ৷
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী একনাথ ছিণ্ডে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনভিছেও অংশগ্ৰহণ কৰে। বঁটা প্ৰদান অনুষ্ঠানত শ্বাহে সমাজকৰ্মী দত্তত্ৰেয় নাৰায়ণক এই বঁটা প্ৰদান কৰে।
দেওবাৰে পুৱা ১১:৩০ বজাৰ পৰা আৰম্ভ হয় এই অনুষ্ঠান। দুপৰীয়া ১ বজাত শেষ হয় । মুকলি আকাশৰ তলত দৰ্শকৰ বাবে বহাৰ ব্যৱস্থা কৰা হৈছিল । দেওবাৰে দিনটোৰ সৰ্বোচ্চ উষ্ণতা ৩৮ ডিগ্ৰী চেলছিয়াছ। দীৰ্ঘসময় ধৰি ৰ’দত বহি থকাৰ বাবে প্ৰায় ৫০ জন লোক অসুস্থ হৈ পৰে। চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হয়। পিছত ৮ জন লোকৰ মৃত্যু হয়।
এই ঘটনাত দুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “৭-৮ জন লোকৰ মৃত্যু হৈছে। মুঠ ৫০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ২৪ জন লোক চিকিৎসাধীন হৈ আছে। বাকীসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত মুকলি কৰি দিয়া হৈছে।” মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনভিছেও এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে। তেওঁ টুইটাৰত লিখিছে, “হিট ষ্ট্ৰ’কৰ বাবে লোকসকলৰ মৃত্যু হয়। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।“