গুৱাহাটী: বৃহত্তৰ জ্যোতিকুছি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত অষ্টাদশ বাৰ্ষিক ঙালী বিহুৰ কাৰ্যসূচী
১,২ বহাগ (১৫, ১৬এপ্ৰিল) সুকলমে অনুষ্ঠিত হৈ য়ায়। বিহুৰ উদযাপনৰ সভাপতি কৰুণা ডেকাৰ
বিহুৰ পতাকা উত্তোলনৰে আৰম্ভ হোৱা বিহুৰ কৰ্মসূচী অনুসৰি , শ্বহীদ তৰ্পণ কৰে প্ৰদীপ কুমাৰ ডেকাই, আৰু খেলা ধূলা উদ্বোধন কৰে ৰমণী কলিতাই । আনহাতে বিহু উপলক্ষে আয়োজিত বিহু মঞ্চ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক সমসাময়িক লেখক মুকুট শৰ্মাই। ইপিনে প্ৰথম নিশাৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি দৰ্শকক মোহিত কৰে সংস্কৃতি মালাকৰ আৰু পূৰ্বৰাগ গোস্বামীয়ে। একেদৰে
দ্বিতীয় নিশাৰ সাংস্কৃতিক অনুষ্ঠান উন্মোচন কৰে সংগীতজ্ঞ সূৰ্য গোস্বামীয়ে একেখন মঞ্চতে বিহু উপলক্ষে সম্বৰ্ধনা জনোৱা হয় ক্ৰমে উপ পৌৰপতি স্মিতা ৰয়, নৱ প্ৰজন্মৰ জনপ্ৰিয় নাট্যকাৰ, পৰিচালক ধীৰাজ কুমাৰ লগতে অসমৰ একমাত্ৰ দিব্যাংগ নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰাজীৱ সাউদক। উল্লেখযোগ্য যে
দ্বিতীয় নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মনমিতা ভৰদ্বাজ আৰু জাগৰণ মহন্ত ৰ সংগীতানুষ্ঠানৰ লগতে উত্তৰ লক্ষীমপুৰৰ চন্দ্ৰপ্ৰভা ছোৱালী বিহু হুঁচৰি দলৰ শিল্পী সকলে বিহু হুঁচৰি পৰিবেশন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে বুলি সাংস্কৃতিক সম্পাদক দুৰ্লভ (জোন) বৰাই জনাইছে ।