এপ্ৰিল মাহতে ৰাজ্যত উর্ধমুখী হৈছে পাৰাস্তম্ভ ৷ প্ৰচণ্ড ৰ’দে দহিছে ৰাজ্যবাসীক ৷ এই সময়ত বাহিৰলৈ ওলাই গ’লে ছালৰ অৱস্থা শোচনীয় হৈ পৰে ৷ ৰ’দৰ বিভিন্ন ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱত ছালত ফোহা, ৰঙা পৰা, বিষ অনুভৱ কৰাটো স্বাভাৱিক। ৰ’দত পোৰা ছালত ক’লা দাগবোৰো সহজে নাযায় ৷ আনকি ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ হ’ল এই ৰশ্মি । কিন্তু ৰ’দৰ ভয়ত ঘৰত বহি থাকিলেও জীৱন নচলে ৷ চিকিৎসকে কয় যে কিছু সাৱধানতা মানি চলিলে ছালখন সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰিব পাৰি।
ছালখন ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিব?
১)প্ৰয়োজন নহ’লে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত ঘৰৰ পৰা ওলাই নাযাব।
২)পাতল ৰঙৰ, পাতল কপাহী কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক।
৩)বাহিৰলৈ যাওঁতে ছাতি, টুপী আৰু ছানগ্লাছ পিন্ধিবলৈ নাপাহৰিব।
৪)বাহিৰলৈ নগ’লেও ছানস্ক্ৰীণ লগাব। ছালৰ প্ৰকাৰ আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ছানস্ক্ৰীণ ব্যৱহাৰ কৰক যাতে সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা হাত সাৰিব পাৰে। ৩ৰ পৰা ৪ ঘণ্টাৰ মূৰে মূৰে মুখখন ধুই পুনৰ ছানস্ক্ৰীণ লগাব।
৫) পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। ইয়াৰ লগত নেমুৰ ৰস, ডাবৰ পানী, ইলেক্ট্ৰ’লাইট মিহলোৱা পানী খালে ভাল ৷
৬) গৰমত ছালৰ জ্বলনহোৱা অংশত বৰফ ঘঁহিব পাৰে। কিন্তু ছালত পোনে পোনে বৰফ ঘঁহিব নালাগে। বৰফৰ বেগ ব্যৱহাৰ কৰিব পাৰিলে ভাল।
৭) বিশেষ ৰাসায়নিক ক্ৰীম লগোৱাৰ পিছত বা ছালৰ যিকোনো চিকিৎসাৰ পিছত ৰ’দত ওলাই নাযাব। ৰাসায়নিক পদাৰ্থই সূৰ্য্যৰ লগত বিক্ৰিয়া কৰি ছালৰ যথেষ্ট ক্ষতি কৰে। ছাল পোৰাৰ সম্ভাৱনা বাঢ়ি যায়।