শৰীৰ শীতল কৰি ৰাখিবলৈ বহুতে গ্ৰীষ্মকালীন বিভিন্ন ফলৰ ওপৰত নিৰ্ভৰ কৰে। শৰীৰৰ সুস্থতা বজাই ৰাখিবলৈ পানী আৰু বিভিন্ন ৰসাল ফলৰ প্ৰয়োজন হয়। এই তালিকাত প্ৰথম স্থানত আছে তৰমুজ। তৰমুজত ৯২ শতাংশ পানী থাকে যিয়ে শৰীৰৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। কিন্তু তৰমুজত থকা সৰু সৰু ক’লা গুটিবোৰ পেলাই দিয়ে নেকি ? বহুতে ভাবে যে খাদ্য খোৱাৰ সময়ত যদি তৰমুজৰ গুটি ভুলতে পেটলৈ যায় তেন্তে পেটৰ বিষ হব। পুষ্টিবিদসকলে কয় যে এই তৰমুজৰ গুটিৰ পুষ্টি কোনোগুণে কম নহয়। তৰমুজৰ গুটিত প্ৰটিনৰ পৰিমাণ অতি বেছি। একাপ তৰমুজৰ গুটিয়ে গোটেই দিনটোৰ প্ৰয়োজনীয় প্ৰটিনৰ ৬০ শতাংশ যোগান ধৰিব পাৰে যাতে আপুনি সুস্থ হৈ থাকিব পাৰে।
ইয়াৰ বাহিৰেও তৰমুজৰ গুটি শৰীৰৰ বাবে উপযোগী হ’ব পাৰে?
১) হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে
তেজত থকা ‘এলডিএল’ কলেষ্টেৰলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। তৰমুজৰ গুটিত মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড ফেটি এচিড থাকে, যিয়ে তেজত এই বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। উচ্চ ৰক্তচাপ থকা সকলৰ বাবে তৰমুজৰ গুটি অতি উপকাৰী।
২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
তৰমুজৰ গুটিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি বিভিন্ন ঋতুভিত্তিক ৰোগ দূৰ কৰিব পাৰে। কাৰণ, এই বীজত জিংক থাকে। তৰমুজৰ গুটি জিংকৰ প্ৰাকৃতিক উৎস।
৩) হজম শক্তিত সহায় কৰে
তৰমুজৰ গুটিত আঁহৰ পৰিমাণ বেছি। যিয়ে অন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে। পাচনতন্ত্ৰ ভাল হ’লে পাচনতন্ত্ৰৰ কোনো সমস্যা নাথাকে।
৪) চুলি আৰু ছাল ভাল ৰাখে
প্ৰটিনৰ লগতে তৰমুজৰ গুটিত ফেটি এচিড থাকে, যিয়ে ছাল আৰু চুলি সুস্থ কৰি ৰাখে। ইয়াৰ উপৰিও ছালত যিকোনো প্ৰদাহ কমোৱাত সহায় কৰে।
৫)হাড় মজবুত কৰে
কেলচিয়ামৰ উপৰিও হাড়ৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ কেইবাটাও খনিজ পদাৰ্থৰ প্ৰয়োজন হয় আৰু এই খনিজ পদাৰ্থ তৰমুজৰ গুটিত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই খনিজ পদাৰ্থবোৰ কেৱল হাড়ে নহয়, পেশী গঠনৰ বাবেও অপৰিহাৰ্য।