সমস্ত দিন ধৰি কাম কৰাৰ ফলত শৰীৰ ক্লান্ত হৈ পৰে। সেই কাম লাগিলে অফিচত এ চি ৰুমত বহি কৰা কামেই হঁওক বা কঠোৰ শাৰীৰিক পৰিশ্ৰম থকা কোনো কামেই হঁওক। বহু সময় ধৰি একে কামত লাগি থাকিলে শৰীৰ অৱস হৈ পৰে আৰু সেই অৱসাদ আঁতৰাবৰ বাবে শৰীৰৰ যত্ন লোৱাটো অত্যন্তই প্ৰয়োজনীয়।
আনহাতে এই ক্লান্তি কেৱল শাৰীৰিক নহয়, মানসিক ভাৱেও ক্লান্ত হৈ পৰে বহুতো লোক। আনকি ইয়াৰ ফলত বহুতো লোক মানসিক ৰোগৰো চিকাৰ হৈ পৰা দেখা যায়।
দিনৰ দিনটো শাৰীৰিক অথবা মানসিক দুই ধৰণৰ পৰিশ্ৰম হ’লেও যিকোনো লোকেই নিজৰ বাবে সময় উলিওৱাটো অতিকে প্ৰয়োজনীয়। কামৰ মাজতে অলপ সময় উলিয়াই যিকোনো লোকে নিজৰ শৰীৰ বা মনৰ ভাল লগা কাম কৰিব পাৰে। প্ৰথম অৱস্থাত সাধাৰণ কিছুমান কামৰ দ্বাৰাই ইয়াৰ আৰম্ভণি কৰিব পাৰি।
- শৰীৰৰ বাবে টোপনি অতি আৱশ্যক। দিন-ৰাতি এক কৰি কাম কৰাৰ প্ৰৱণতা থকা লোকৰ টোপনি কম হয়। তেনে লোকে নানা মানসিক তথা স্বাস্থ্য জনিত সমস্যাত ভোগে। গতিকে কামৰ মাজতেই পৰ্যাপ্ত পৰিমাণৰ টোপনি যাব পৰা সুবিধা থাকিলে শৰীৰ ঠিকে থকাৰ লগতে কামতো বিসংগতিয়ে দেখা নিদিয়ে।
- কৰ্মক্ষেত্ৰত বহুতো লোকে কম্পিউটাৰৰ আগত সময় কটাবলগীয়া হয়। আন হাতে ৱৰ্ক ফ্ৰম হ’ম হ’লে এই কাৰ্য আৰু বাঢ়ি হে যায়। গতিকে এনে সময়ত অলপ অলপ সময়ৰ ব্যৱধানত কম্পিউটাৰ বা লেপটপত কাম কৰা উচিত। লগতে সামাজিক মাধ্যম, মোবাইল আদিৰ পৰা দূৰত থকাটোৱেই মংগল।
- সকলো সময়তে সামাজিক মাধ্যমত থকাটোও স্বাস্থ্যৰ বাবে অপকাৰী। এনে হ’লে মানুহ তাৰ প্ৰতি আসক্ত হৈ পৰে , যাৰ ফলত কামৰ মাজে মাজে সামাজিক মাধ্যমত থকা নিজৰ একাউন্টৰ জৰিয়তে বিভিন্ন তথ্য চাই থকা হয়। সদায় এই ধৰণৰ কাম কৰিলে ই অভ্যাসত পৰিণত হয় আৰু মানসিক তথা শাৰীৰিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। গতিকে ইয়াৰ বিপৰীতে পৰিয়ালৰ অন্য লোকৰ লগত সময় কটোৱাহে উচিত। কামৰ মাজতে অলপ সময় উলিয়াই কোনোবা ঠাইত ফুৰিবলৈও যাব পৰা যায় অথবা কোনোবা হোটেল বা ৰেষ্টোৰাঁত সুস্বাদু আহাৰ খাবলৈও যাব পাৰি।
- কাম কৰা মহিলাসকলে ঘৰতে নিজৰ সামান্য সৌন্দৰ্য চৰ্চা কৰিব পাৰে। গৰম পানীত সামান্য নিমখ দি সেই পানীত ভৰি দুখন তিয়াই ৰাখি আৰাম ল’ব পৰা যায়। ইয়াৰ বাবে বহুত সময়ৰ প্ৰয়োজন নাই।
- নিজৰ ঘৰত নানা ধৰণৰ ফুলৰ টাব , গছ আদি ৰাখিলেও যথেষ্ট মানসিক ক্লান্তি দূৰ হয়।