কামৰূপ জিলাৰ জিলা উন্নয়ন সমিতিৰ এপ্ৰিল মাহৰ পৰ্যালোচনা বৈঠক সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলাখনৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত উক্ত বৈঠকত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ ৰূপায়ণকাৰী বিষয়া সকলে ইয়াৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। বৈঠকত আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত আন্তঃ বিভাগৰ মাজত থকা বিভিন্ন বিষয় সমূহৰো বিতংভাৱে আলোচনা কৰা হয়।
উপায়ুক্তগৰাকীয়ে আচঁনি ৰূপায়ণৰ দায়িত্বত থকা সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহক নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকৰ অধীনত চলি থকা কাম সমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকৰ আৰম্ভণিতে বিগত ১৩ মাৰ্চত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ বৈঠকত লিপিবদ্ধ কৰা জিলাৰ বিভিন্ন উন্নয়ন বিভাগলৈ প্ৰদান কৰা নিৰ্দেশনা সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলে তেওঁলোকৰ বিভাগৰ বাবে পূৰ্বৰ বৈঠকত প্ৰদান কৰা নিৰ্দেশনা সমূহৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে।
বৈঠকত লোকনিৰ্মাণ (পথ), লোকনিৰ্মাণ (গৃহ), কৃষি, শিক্ষা, জল সম্পদ, এ.পি.ডি.চি.এল., জনস্বাস্থ্য কাৰিকৰী, পশু চিকিৎসা, বন (সামাজিক বনানিকৰণ) ইত্যাদি বিভাগে পাৱাৰ পইন্ট প্ৰেজেন্টেশ্যনৰে তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা বিভিন্ন আঁচনি সমূহৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। বৈঠকত কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বেৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থকে।