গুৱাহাটী, ১৮ এপ্ৰিলঃ সমাগত বাৰিষাত হ’বলগীয়া সাম্ভাব্য দুৰ্যোগৰ মোকাবিলা কৰাৰ বাবে বান ব্যৱস্থাপনাৰ সৈতে জড়িত বিভাগসমূহৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অসমৰ ৮খন জিলাত অনুশীলন অৰ্থাৎ ম’ক ড্ৰিলৰ আয়োজন কৰিছে৷ কামৰূপ মহানগৰ জিলাত বানপ্ৰৱণ সোণাপুৰ ৰাজহ চক্ৰত এই অনুশীলন অনুষ্ঠিত হ’ব৷ অহা ২৫ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ হ’বলগীয়া বান দুৰ্যোগৰ মোকাবিলা কৰাৰ অনুশীলন সন্দৰ্ভত আলোচনাৰ বাবে আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়৷
অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ম’ক ড্ৰিলৰ অংশ হিচাপে কোনদিনা কেনেধৰণৰ পদক্ষেপ লোৱা হ’ব তাৰ সবিশেষ ব্যাখ্যা আগবঢ়াই জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জিলা প্ৰকল্প প্ৰৱন্ধক কৌস্তৱ তালুকদাৰে৷ তেওঁ সদৰি কৰে যে ২৫ এপ্ৰিলত বান ব্যৱস্থাপনাৰ বিভিন্ন দায়িত্বত থকা বিভাগবোৰৰ ন’ডেল বিষয়াসকলক যাবতীয় পৰামৰ্শ প্ৰদান কৰিব ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই৷ ২৬ এপ্ৰিলত সামগ্ৰিক পৰিকল্পনা কৰাৰ পিছত ২৭ এপ্ৰিলৰ দিনা বান ব্যৱস্থাপনাৰ ম’ক ড্ৰিল কৰা হ’ব৷
তাৰ বাবে সোণাপুৰ ৰাজহ চক্ৰৰ এখন গাঁও বানাক্ৰান্ত হোৱা বুলি ধৰি লৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লগত জৰুৰী যোগাযোগ স্থাপন কৰি তাৰ বাসিন্দাসকলক উদ্ধাৰ কৰা, তেওঁলোকক সুৰক্ষিত স্থানলৈ নিয়া, অসুস্থ হৈ পৰা লোকক সাজু কৰি ৰখা চিকিৎসালয়লৈ নিয়া, সাহায্য শিবিৰ স্থাপন কৰি বান সাহায্য বিতৰণ কৰা আদি বানৰ সময়ত কৰিবলগীয়া কামবোৰৰ অনুশীলন কৰা হ’ব৷ সমগ্ৰ প্ৰক্ৰিয়াটোত বিভাগসমূহক বানৰ সময়ত কৰাৰ দৰেই নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰীয়ে আহ্বান জনায়৷
বৈঠকত সোণাপুৰৰ চক্ৰ বিষয়া গোপাল শৰ্মা প্ৰমুখ্যে শিক্ষা, কৃষি, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, এন ডি আৰ এফ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷