চীনৰ সামৰিক অগ্ৰগতিৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন ফাদিল কৰিছে আমেৰিকাই । প্ৰতিবেদন অনুসৰি চীনে উচ্চ পাহাৰীয়া অঞ্চলত অনায়াসে উৰণ কৰিব পৰা এক অত্যাধুনিক ড্ৰ’ন বাহিনী গঢ়ি তুলিছে। এই ড্ৰ’নে শব্দৰ গতিতকৈ তিনিগুণ বেছি বেগেৰে উৰিব পাৰে। মঙলবাৰে “দ্য ৱাশ্বিংটন পোষ্ট”ত প্ৰকাশ পাইছিল এনে খবৰ। ‘ৰাষ্ট্ৰীয় ভূ-স্থানীয়-চোৰাংচোৱা সংস্থা’ৰ গোপন নথি-পত্ৰৰ জৰিয়তে বাতৰি কাকতখনে এই খবৰটো জানিব পাৰিছিল।
৯ আগষ্টৰ উপগ্ৰহৰ ছবিত চাংহাইৰ পৰা ৫৬০ কিলোমিটাৰ দূৰত্বত পূব চীনৰ এয়াৰ বেছত দুখন ‘ডব্লিউ-৮’ ৰকেট চালিত ড্ৰ’ন দেখা গৈছিল । এই প্ৰেক্ষাপটতে আমেৰিকাৰ বিশ্বাস যে চীনৰ ‘পিপলছ লিবাৰেচন আৰ্মী’ (পিএলএ)য়ে নিশ্চিতভাৱে প্ৰথমটো মানৱবিহীন আকাশী চোৱাচিতা ব্যৱস্থা গঢ়ি তুলিছে। যিটো প্ৰথম অৱস্থাত চীনৰ ‘ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ড’ৰ অধীনস্থ কৰা হৈছে। বাতৰি অনুসৰি পিএলএৰ থিয়েটাৰ কমাণ্ডে মূলতঃ টাইৱানৰ তদাৰক কৰে।
টাইৱানৰ আটাইতকৈ ওচৰৰ পিএলএ শিবিৰত ইমান বিশাল শক্তিশালী আৰু অত্যাধুনিক ড্ৰোন বাহিনীৰ উপস্থিতি স্বাভাৱিকতে টাইৱানৰ হৃদস্পন্দন বৃদ্ধি কৰিবলৈ যথেষ্ট। শেহতীয়াকৈ টাইৱানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিবলৈ হতাশ হোৱা আমেৰিকাৰ বাবেও ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে।
মেছাচুচেটছ এয়াৰ নেচনেল গাৰ্ডৰ সদস্য ২১ বছৰীয়া জেক ডগলাছ টেইক্সেইৰাই এই নথি ফাদিল কৰিছে। ফাদিল হোৱা নথিখন দ্য ৱাশ্বিংটন পোষ্টৰ এজন সাংবাদিকে মেছেজিং এপৰ জৰিয়তে লাভ কৰিছে। ইফালে, গোপনীয় নথি-পত্ৰ ফাদিল কৰাৰ অভিযোগত জেক ডগলাছক গ্ৰেপ্তাৰ কৰিছে এফ বি আইয়ে। এই নথিখনে দেখুৱাইছে যে আমেৰিকাই কেনেকৈ দিনক দিনে নিজৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সামৰিক কাৰ্যকলাপ নিৰীক্ষণ কৰে। এই প্ৰতিবেদন ফাদিলৰ বাবে ৱাশ্বিংটনতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কাৰণ, পোহৰলৈ আহিল যে আমেৰিকাই নিজৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সামৰিক গতিবিধিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে।