ওড়িশাৰ বালাসোৰ জিলাত ভূতৰ পৰা হাত সাৰিবলৈ এজন নাবালক আৰু নাবালিকাক কুকুৰৰ সৈতে বিয়া দিয়া হয় ৷ দাৰি সিঙৰ পুত্ৰ ১১ বছৰীয়া তপন সিঙৰ বিয়া হৈছিল এটি মাইকী কুকুৰৰ সৈতে। ৭ বছৰীয়া লক্ষ্মীৰ বিয়া হৈছে এটি মতা কুকুৰৰ লগত। স্থানীয় সংস্কাৰৰ মতে কুকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’লে তেওঁলোকক দুষ্ট আত্মাৰ পৰা ৰক্ষা পৰিব। বাদশাহি গাঁৱৰ ‘হো’ জনগোষ্ঠীৰ মাজত এই লোকবিশ্বাস চলি আহিছে ।
সেই অঞ্চলত ল’ৰা-ছোৱালীৰ ওপৰৰ পাৰিত প্ৰথম দাঁতটো ফুটি ওলোৱাৰ লগে লগে বিয়াৰ বাবে কুকুৰৰ সন্ধান আৰম্ভ হয়। শিশুৰ ওপৰৰ পাৰিৰ প্ৰথম দাঁতটো অতি শুভ বুলি এই লোকসকলে বিশ্বাস কৰে। পুৱা ৭ বজাৰ পৰা ১ বজালৈ বিভিন্ন ধৰণৰ বিবাহ অনুষ্ঠানৰ নীতি নিয়ম সম্পন্ন কৰা হয় । ভোজৰ আয়োজনো কৰে লোকসকলে ।
হো জনজাতিৰ বিশ্বাস যে শিশু আৰু কুকুৰৰ মাজত বিবাহ সম্পন্ন হ’লে শিশুৰ শৰীৰত যদি কিবা অশুভ আত্মা থাকে তেন্তে সেয়া কুকুৰৰ শৰীৰত সোমাই যায়। সেইবাবেই বিয়াখন অতি ধুমধামেৰে আয়োজন কৰা হয়। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হো জনজাতিবাসীয়ে আজিও এই নিয়ম মানি চলিছে।