ৰ’দ বৰষুণৰ পৰা নিজৰ মূৰটো ৰক্ষা কৰিবলৈ মানুহে সাজি উলিয়াইছিল জাপি। চীন দেশত প্ৰথমতে জাপি আৱিস্কাৰ হৈছিল বুলি জানিব পৰা যায়। পূৰ্বতে জাপি দেখিবলৈ আছিল টুপীৰ দৰে , বাঁহ-বেত আৰু গছৰ পাতেৰে জাপি সজোৱা হৈছিল। কোনো কোনো দেশত চৰাইৰ পাখি আৰু জন্তুৰ ছালেৰেও জাপি সজা হয়। চীন দেশৰ জাপি দেখিবলৈ লাটুমৰ মূৰটোৰ দৰে জোঙা। চীনৰ পৰা দক্ষিণ -পূৱ-এচিয়া হৈ অসম পোৱাৰ পিছত জাপিয়ে পদুম-গঢ়ীয়া ৰূপ ল’য়। জাপি অসমৰ লোক-সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন। বিহু গীতত আছে —
” মইনো যাওঁগৈ উজনি ৰাজ্যলৈ
তোমালৈ আনিমনো কি ?
তোমালৈ আনিমে সৰুদৈয়া জাপি
টুপত ৰূপৰ চুলা দি।”
আগৰ দিনত জাপি দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ আছিল। জাতি-ধৰ্ম নিৰ্বিশেষে পুৰুষ -মহিলা উভয়ে জাপি ব্যৱহাৰ কৰিছিল। পৰ্বত-ভৈয়াম উভয়তে ডা-ডাঙৰীয়াৰ উপৰিও সৰ্বসাধাৰণেও জাপি ব্যৱহাৰ কৰিছিল। তাহানিতে চেনেহীয়ে প্ৰাণৰ চেনাইধনক নাইবা ঘৰৰ গৃহিণী নতুবা মাকে ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সময়ত গৃহস্থ বা পোণাকনক জাপিটো যতনাই দিয়াৰ কথা বিহুগীতত উল্লেখ আছে —–
” জাপি লাঠি তিয়নি
নেৰিবি ঐ নেৰিবি
এৰিবগৈ লাগিলে
থিয়ৈ থিয়ৈ মৰিবি ”
জাপি বহু প্ৰকাৰৰ আছে। ৰূপসজ্জাৰ ফালৰ পৰা উকা জাপি আৰু ফুলাম জাপি। ব্যৱহাৰৰ ফালৰ পৰা গৰখীয়া জাপি , পানী জাপি , বনুৱা জাপি, হালোৱা জাপি আদি। জাপি বিশেষকৈ হালোৱা -হজুৱা আৰু গৰখীয়াৰ বাবে এতিয়াও প্ৰয়োজনীয় সামগ্ৰী হৈ আছে। জাপি একালত সম্ভ্ৰান্ত নাৰী বা ভদ্ৰ মহিলাৰ শিৰোস্ত্ৰাণ স্বৰূপো আছিল। বিশেষকৈ আহোমৰ ৰাজত্ব কালত বৰদৈয়া , সৰুদৈয়া, টুপদিয়া আদি বিধে বিধে ফুলাম জাপি মান-মৰ্যদা অনুযায়ী নাৰী সকলে ব্যৱহাৰ কৰিব পাৰিছিল। সেয়েহে পটন্তৰত উল্লেখ আছে—
” জাপিয়ে টুপীয়ে সৰু ঘৈণী গোপীয়ে
ঢেঁকীয়ে-ঠোৰাই বৰ ঘৈণী খোৰায়।”
আহোম সকলৰ যোগেদি বিহু নাচত ‘জাপিনৃত্য’ ৰ প্ৰৱেশ ঘটিছিল যদিও পোন প্ৰথম বাৰৰ বাবে কলাগুৰু বিষ্ণু ৰাভাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে লগ লাগি মঞ্চৰ উপযোগীকৈ ৰূপ দি ‘জাপি নৃত্য’ কথাছবিৰ মাধ্যমেদি জনপ্ৰিয় কৰিছিল।
” নাওঁ হেঙুলীয়া বঠা হেঙুলীয়া
আৰু হেঙুলীয়া চৈ
চেনাইৰ মূৰতে জাপি হেঙুলীয়া
বিজুলী বাঁহৰে দৈ।”
অসমীয়া সমাজ জীৱনত জাপিৰ গুৰুত্ব অপৰিসীম। জাপি আঙুঠি, জাপিটুপীয়া আঙুঠি, জাপিসজীয়া আঙুঠিৰ লগতে জাপিৰ চানেকিৰে গলপতা , কাণফুলি আদি অসমীয়াৰ বিভিন্ন পৰম্পৰাগত গহনা -গাঠৰি দেখিবলৈ পোৱা যায়। তাৰোপৰি অসমীয়াৰ চিৰ চেনেহী পাট বা মূগাৰ চাদৰ-মেখেলা যোৰত জাপিৰ চানেকীৰে বৈ উলিওৱাটো শিপিনীৰ পাৰদৰ্শিতাৰ লগতে যেন সংস্কৃতিৰ প্ৰতীক।
তাই-আহোম সমাজত একালত বিবাহিত নাৰীৰ আভূষণ বা আবুৰ ৰক্ষাকাৰী সমল হিচাপে বৰদৈয়া , সৰুদৈয়া বা টুপ দিয়া ফুলাম জাপিৰ ব্যৱহাৰ বাধ্যতামূলক আছিল।
বড়ো-কছাৰী সমাজতো জাপি পৰিধান কৰা লোকক বিশেষ সন্মানৰ চকুৰে চোৱা হৈছিল। তেওঁলোকৰ মাজত বিশ্বাস আছে যে , কেঁচুৱা পিঠিত বোকোচা বান্ধি আৰু মূৰত জাপি লৈ তামোল , কল আদি লাগনী গছ ৰুলে গছজোপা সোনকালে ঠোক ভৰি ফল লাগে।
কোনো কোনো সমাজত পূজা-পাতল , মাংগলিক কাৰ্য আৰু অন্যান্য সাংস্কৃতিক জীৱনত জাপিৰ বিশেষ ব্যৱহাৰ আছে। বড়ো-কছাৰী সমাজত বাৰ্ষিকভাৱে অনুষ্ঠিত খেৰাই উৎসৱত ‘খফ্ৰি ছিবনায়’ অৰ্থাৎ জাপি ঘুৰোৱা নাচ অন্যতম।
তাই-আহোম সকলৰ সাতবিহুৰ দিনা অনুষ্ঠিত ছেংনাং বিহুৰ চকলং নামৰ দৰা বাছনি নৃত্যত বিহুৱতীয়ে তেওঁৰ পছন্দৰ দৰাক ৰাইজৰ আগত সৰুদৈয়া জাপিৰে আদৰণি জনাই নাচে আৰু ৰাইজে বিয়া পাতি দিয়ে।
বিহুগীতত জাপিক যৌৱনৰ প্ৰতীক হিচাপে লোৱা হয়। বনঘোষা , বিহুগীতত জাপিৰ উল্লেখ এইদৰে প্ৰকাশ পোৱা ——-
” জাপি বৰষুণত লাগে ঐ
বৰষুণ গ’লে কামত নাহে ঐ
————–
জাপি দূপৰতে লাগে ঐ
নহ’লে আলি দিবা কেনেকৈ
এজনী গোটাই যদি নোলোৱা
এই জীৱনত
জনে শুধিলে নো কি কবা
তুমি উত্তৰত।”
মুঠতে জাপি অসমীয়াৰ অতি আদৰৰ অতি মৰমৰ। কিছু বছৰ আগলৈকে চহা জীৱনত জাপিৰ প্ৰয়োজনীয়তা অপৰিসীম আছিল। আজিৰ দিনত জাপিৰ ব্যৱহাৰ নোহোৱা হৈ বা কমি গ’লেও প্ৰতিজন অসমীয়াৰ মনত জাপিয়ে এক সুকীয়া স্থান দখল কৰি আছে আৰু অনাগত দিনলৈ থাকিব।