বহুতৰে ৰাতি শোৱাৰ আগতে গাখীৰ খোৱাৰ অভ্যাস আছে। গাখীৰ সকলো বয়সৰ বাবে অতি উপকাৰী পানীয়। গাখীৰৰ উপকাৰিতাৰ বিষয়ে প্ৰায় সকলোৱে জানে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও গাখীৰৰ আন বহুতো গুণ আছে। কিন্তু কেৱল গাখীৰ খালেই নহয়, খোৱাৰ সময়ো নিৰ্ধাৰণ কৰিব লাগে।
পুষ্টিবিদসকলৰ মতে ৰাতি গাখীৰ খোৱাটো আটাইতকৈ স্বাস্থ্যকৰ অভ্যাস।গাখীৰত কেচিন ট্ৰিপটিক হাইড্ৰ’লাইছেট নামৰ এবিধ পদাৰ্থ থাকে। ইয়াৰ প্ৰভাৱৰ বাবে শৰীৰৰ পৰা ক্লান্তি আৰু মানসিক চাপ আঁতৰি যায়। গভীৰ টোপনি সোনকালে আহে। ইয়াৰ উপৰিও গাখীৰত কিছুমান প্ৰটিন থাকে যিয়ে উদ্বেগ হ্ৰাস কৰে। শৰীৰ আৰু মনক শান্ত কৰাত সহায় কৰে। ইয়াৰ প্ৰভাৱৰ বাবে টোপনিও সোনকালে আহে।
যদি টোপনিৰ আগতে গাখীৰৰ লগত আন কিছুমান উপাদান মিহলাই ল’ব পাৰি, তেন্তে এই পানীয় স্বাস্থ্যৰ বাবে অধিক উপকাৰী হ’ব পাৰে। যেনে হালধি। যুগ যুগ ধৰি গাখীৰৰ লগত হালধি মিহলাই খোৱাৰ উপকাৰিতাৰ কথা জানি আহিছে। হালধি-গাখীৰৰ সংমিশ্ৰণ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি উত্তম। কিন্তু আপোনাৰ ঘৰতে আন এটা উপাদান আছে, যিটো গাখীৰৰ লগত মিহলি কৰিলে ‘ছুপাৰফুড’লৈ ৰূপান্তৰিত কৰিব পাৰি।কেশৰ এনেকুৱা এটা উপাদান যিয়ে যিকোনো খাদ্যৰ সোৱাদক সলনি কৰে । কিন্তু কেশৰৰ দামও তুলনামূলকভাৱে বেছি। পৃথিৱীৰ অন্যতম দামী মছলা কেশৰ। কিন্তু নিয়মিতভাৱে যদি গৰম গাখীৰৰ সৈতে এচিকুট কেশৰ খাব পাৰে, তেন্তে শৰীৰৰ বহু সমস্যা সোনকালে দূৰ হ’ব পাৰে।