ন্যায়ৰ অপেক্ষাত যন্তৰ মন্তৰত পদক দখলেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা মল্লযুঁজাৰুৱে অব্যাহত ৰাখিছে ধর্ণা ৷ প্ৰতিবাদী বজৰং পুনিয়া, বিনেশ ফোগাট, সাক্ষী মালিকে ক্ৰীড়া জগতৰ বিভিন্ন ক্ষেত্ৰৰ পৰা সমৰ্থন লাভ কৰিছে। ইফালে, দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰত বিদ্যুৎ যোগান বিচ্ছিন্ন কৰাৰ অভিযোগ কৰিছে বজৰঙে। এনেদৰে তেওঁলোকৰ ধৰ্ণা বন্ধ কৰিব নোৱাৰি বুলিও তেওঁ সকীয়াই দিয়ে।
ভিডিঅ’ বাৰ্তাত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বজৰঙে অভিযোগ কৰে, “যন্তৰ মন্তৰত দিল্লী আৰক্ষীয়ে বিদ্যুৎ যোগান বিচ্ছিন্ন কৰিছে। চাৰিওফালে বেৰিকেড লগোৱা। খাদ্য, পানী আনিবলৈ দিয়া হোৱা নাই।”
অভিযোগৰ সমান্তৰালকৈ তেওঁ আৰু কঠোৰ আন্দোলনৰ হুংকাৰ দিছে ৷ বজৰঙে ক’লে, “আমাক এনেদৰে ৰখাব নোৱাৰিব। আন্দোলন বাঢ়িব। ব্রিজ ভূষণ চৰণ সিং গ্ৰেপ্তাৰ নোহোৱালৈকে এই আন্দোলন চলি থাকিব৷”
ইয়াৰ পূৰ্বে মল্লযুঁজাৰুসকলে অভিযোগ কৰিছিল যে দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণ কৰা নাই৷ প্ৰতিবাদৰ মাজতে অৱশেষত দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় মল্লযুঁজ সন্থাৰ সভাপতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বজৰঙে কয় “ প্ৰথম পদক্ষেপত জয়ী হৈছো। কিন্তু আমি বিচাৰো ব্রিজ ভূষণে শীঘ্ৰে ৰাষ্ট্রীয় মল্লযুঁজ সন্থাৰ পৰা পদত্যাগ কৰক৷ তেওঁৰ দৰে মানুহ আদালতত থাকিব লাগে। দিল্লী আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰতো আমি চকু ৰাখিম।”
টকিঅ’ অলিম্পিকৰ স্বৰ্ণ বিজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই বিনেশৰ প্ৰতিবাদৰ সমৰ্থন দিছে ৷ক্ৰিকেটাৰ কপিল দেৱে ছ’চিয়েল মিডিয়াত ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰা বিনেশ- সাক্ষীৰ ছবি পোষ্ট কৰি লিখিছে, ‘এওঁলোকে আচলতে কিবা ন্যায় পাবনে?’’ বীৰেন্দ্ৰ ছেহৱাগে টুইটত কয়, ‘আন্তজার্তিক পর্যায়ত দেশক গৌৰৱান্বিত কৰাসকলৰ এনে অৱস্থা মই কল্পনা কৰিব নোৱাৰো৷” টেনিছ তাৰকা ছানিয়া মিৰ্জাইও মল্লযুঁজাৰুৰ কাষত থিয় দিছে। উল্লেখ্য যে মল্লঁযুজাৰু সংস্থাৰ মুৰব্বী ব্রিজ ভূষণ চৰণ সিঙে একাধিক মল্লযুঁজাৰুক যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷