ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত সন্ত্ৰাসবাদৰ বিষয়টো উত্থাপন কৰে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত তেওঁ (ভিডিঅ’ৰ জৰিয়তে), যিকোনো ধৰণৰ উগ্ৰপন্থী আৰু ইয়াৰ সমৰ্থন মানৱতাৰ বিৰুদ্ধে এক গুৰুতৰ অপৰাধ বুলি অভিহিত কৰে । সন্ত্ৰাসবাদৰ সৈতে শান্তি আৰু সমৃদ্ধিয়ে সহাৱস্থান কৰিব নোৱাৰে। ৰাজনাথে সকলো এছ চি অ’ৰ সদস্য দেশক একত্ৰিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়।
নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত এছ চি অ’ৰ সচিব জাং মিং, চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী লি ছাংফু, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গেই শ্বোইগুৱে অংশগ্ৰহণ কৰে। পাকৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভিডিঅ’ৰ জৰিয়তে এই বৈঠকত অংশগ্ৰহণ কৰে। এই মঞ্চত ৰাজনাথ সিঙে কয়, ‘আমি সামূহিকভাৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া উচিত। চাংহাই সহযোগিতা সংস্থাক শক্তিশালী কৰাৰ বাবে আমি একেলগে যুঁজিব লাগিব। ছ’চিয়েল মিডিয়া আৰু ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনসমূহে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে।” এই বৈঠকত আফগানিস্তানৰ পৰিস্থিতিও পৰ্যালোচনা কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, ‘এই মঞ্চত আমি ইজনে সিজনৰ চিন্তা, সমস্যাৰ বিষয়ে জানিব পাৰো আৰু সমাধানৰ বিষয়ে আলোচনা কৰিব পাৰো। প্ৰতিৰক্ষাত আমি ইজনে সিজনক সহায় কৰিব পাৰো।”
কালি চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল লি ছাংফুৰ ৰাজনাথ সিঙৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকত ৰাজনাথে কয় যে সীমান্তৰ শান্তি আৰু স্থিতিশীলতা কিমান বজাই ৰখা হয় তাৰ ওপৰত দুয়োখন দেশৰ সম্পৰ্ক নিৰ্ভৰ কৰে। ৰাজনাথে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সকলো সমস্যা দ্বিপাক্ষিক চুক্তি আৰু জবাবদিহিতাৰ জৰিয়তে সমাধান কৰাটো প্ৰয়োজন। বৰ্তমান যি চুক্তি আছে সেয়া ভাঙিলে সম্পৰ্ক ছিন্নভিন্ন হ’ব। আজি চীনৰ বিবৃতিত উল্লেখ কৰা হৈছে যে দুয়োখন দেশে দীৰ্ঘম্যাদী দৃষ্টিভংগী গ্ৰহণ কৰাটো প্ৰয়োজন।