অনিয়ন্ত্ৰিত জীৱন, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, ব্যস্ততাৰ বাবে শৰীৰৰ প্ৰতি অৱহেলা, অত্যধিক মদ্যপান—এইবোৰ যদি আধুনিক জীৱনৰ সংগী হয়, তেন্তে তাৰ ফল নিশ্চয় ফেটি লিভাৰ বা লিভাৰ চিৰ’ছিছৰ দৰে ৰোগ। বেছিভাগ ক্ষেত্ৰতে কিছুমান বেয়া অভ্যাস আৰু ভুলৰ বাবে লিভাৰৰ ৰোগ শৰীৰত থিতাপি লয়। কম তেলীয়া খাদ্য খোৱা, ঘৰতে ৰন্ধা-বঢ়াত অভ্যস্ত হোৱা, মদ এৰি দিয়া — এইবোৰ লিভাৰক সুস্থ কৰি ৰখাৰ কিছুমান উপায়। দৈনন্দিন খাদ্যত কিছু খাদ্য ৰাখিলে লিভাৰৰ স্বাস্থ্য ভাল। লিভাৰ ভালে ৰাখিবলৈ কি কি সামগ্ৰী খাদ্যৰ তালিকাত ৰাখিব ?
নেমুঃ ভিটামিন চি সমৃদ্ধ নেমুই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ পৰা দূষিত পদার্থ আঁতৰোৱাত ই অতি উপযোগী। গৰমৰ দিনত শৰীৰত আৰ্দ্ৰতা ধৰি ৰাখিবলৈ নেমু সেৱন কৰিব পাৰি। লিভাৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে খাদ্য তালিকাত নেমু ৰাখক।
আঙুৰঃ আঙুৰত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। লিভাৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত এই উপাদানসমূহ অতি উপকাৰী। ইয়াৰ ফলত যকৃতৰ সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস পায়।
চজিনা: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ চজিনা অতি উপকাৰী ৷ চজিনাই হজম শক্তি বৃদ্ধি কৰে, তেজ বিশুদ্ধ কৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে তথ্যই পুৰুষৰ লিভাৰ ফাইব্ৰ’ছিছৰ সম্ভাৱনা হ্ৰাস কৰে।
দৈঃ দৈত প্ৰ’বায়’টিকৰ এক উত্তম উৎস। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে দৈয়ে লিভাৰত জমা হোৱা চৰ্বি বাহিৰ কৰাত সহায় কৰে। গৰমৰ দিনত দৈ খাদ্যত ৰাখিলে হজম শক্তি উন্নত হয়। পেটটোও পৰিষ্কাৰ হৈ থাকে।
গ্ৰীণ টীঃ চৰ্বি কমোৱাৰ বাবে বহুতে গ্ৰীণ টিৰ ওপৰত নিৰ্ভৰ কৰে। এন্টিঅক্সিডেন্টযুক্ত গ্ৰীণ টিয়ে লিভাৰৰ চাৰিওফালে চৰ্বি জমা হোৱাত বাধা দিয়ে। দৈনন্দিন খাদ্যত গ্ৰীণ টী ৰাখিব পাৰে যাতে আপোনাৰ লিভাৰ সুস্থ হৈ থাকে।