সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটছ (আই এছ)ৰ মুৰব্বী আবু হুছেইন আল-কুৰেছিৰ মৃত্যু হৈছে ! শনিবাৰে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে এনে দাবী উত্থাপন কৰে। তেওঁৰ ঘোষণাৰ পিছত কেৱল পশ্চিম এছিয়াতে নহয়, সমগ্ৰ বিশ্বতে হুলস্থুলৰ সৃষ্টি হৈছে।
শনিবাৰে টেলিভিছনযোগে দিয়া এক সাক্ষাৎকাৰত এৰদোগানে কয় যে তুৰ্কী সেনাই চুবুৰীয়া দেশ ছিৰিয়াত প্ৰৱেশ কৰি আই এছৰ মুৰব্বীক হত্যা কৰিছে। তেওঁ লগতে কয় যে তেওঁৰ দেশৰ চোৰাংচোৱা বিভাগে দীৰ্ঘদিন ধৰি আল-কুৰেছিৰ গতিবিধি নিৰীক্ষণ কৰি আহিছে। ইয়াৰ পিছত শুকুৰবাৰে আই এছ নেতাগৰাকীৰ ঘাটিত পৰিকল্পিত আক্ৰমণ সংঘটিত হয়।
ছিৰিয়া প্ৰশাসনৰ সূত্ৰ অনুসৰি উত্তৰ ছিৰিয়াৰ জাণ্ডাৰীত এই বিশেষ অভিযান চলোৱা হৈছিল। ছিৰিয়াৰ এই অংশ ইতিমধ্যে তুৰ্কী প্ৰভাৱিত বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত আছে। যোৱা ফেব্ৰুৱাৰী মাহত তুৰস্ক আৰু ছিৰিয়াত হোৱা ভয়াৱহ ভূমিকম্পৰ ভিতৰত জাণ্ডাৰিঅ’ আছিল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল। যদিও এৰদোগানৰ এই দাবীৰ প্ৰায় ২৪ ঘন্টা পাৰ হৈ গ’ল, তথাপিও আই এছ আৰু ছিৰিয়াৰ সেনাই এই বিষয়ত এতিয়াও মাত মতা নাই।
২০২২ চনত আল-কুৰেশ্বীক আই এছৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১৪ চনৰ পিছত আই এছৰ নেতা আবু বকৰ আল বাগদাদীৰ নেতৃত্বত আইছিছে সমগ্ৰ ছিৰিয়া আৰু ইৰাকত নিজৰ প্ৰভাৱ বৃদ্ধি কৰে। কিন্তু এফালে আমেৰিকাৰ সমৰ্থিত আক্ৰমণ আৰু আনফালে ৰাছিয়া প্ৰধান ছিৰিয়ান সেনাৰ প্ৰভাৱৰ বাবে আইছিছে অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় ৷