চীনে বিশ্বত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে। সেই উদ্দেশ্যে এইবাৰ বেইজিঙে দক্ষিণ-পূব এছিয়াৰ বাহিৰত সামৰিক ঘাটি নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। সূত্ৰ অনুসৰি আফ্ৰিকা মহাদেশৰ পশ্চিম উপকূলৰ এখন দেশ ইকুৱেটৰিয়েল গিনিৰ বাটা বন্দৰৰ লগতে আৰ্জেণ্টিনাৰ এখন প্ৰদেশও জি জিনপিং প্ৰশাসনৰ চকুত পৰিছে। এই দুই স্থানত নৌসেনাৰ ঘাটি নিৰ্মাণৰ পৰিকল্পনা কৰিছে চীনে ।
টিয়েৰা প্ৰদেশৰ আৰ্জেণ্টিনাৰ উছুৱায়াক চীনে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে। এই উপকূলীয় প্ৰদেশখনত এটা স্থায়ী বন্দৰ নিৰ্মাণ কৰিলে এন্টাৰ্কটিকাৰ পথ মুকলি হ’ব ৷ লগতে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ সংযোগস্থলত পৃথক চোৱাচিতা ব্যৱস্থা গঢ়ি তুলিব পাৰে ৷ ইতিমধ্যে বেইজিঙে দক্ষিণ আফ্ৰিকাৰ ডাৰবান বন্দৰত ইউয়ান ৱাং ৫ নামৰ যুদ্ধ জাহাজখন স্থাপন কৰিছে। আৰ্থিক সংকটত ভুগি থকা কম্বোডিয়াক ঋণ দিয়াৰ বিনিময়ত চীনে ৰিম বন্দৰ দখল কৰিছে। একেদৰে শ্ৰীলংকাৰ হাম্বাণ্টোটা বন্দৰ আৰু ইৰাণৰ চাবাহাৰ বন্দৰতো চীনে চকু ৰাখিছে।
কিছুদিন পূৰ্বে চীনে ইৰাণৰ বাবে আমেৰিকা প্ৰভাৱিত চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে আলোচনাৰ টেবুলত বহি থকাটো কাৰ্যতঃ অসম্ভৱ কৰি তুলিছিল। এই ঘটনাৰ পিছত চীনে পশ্চিম এছিয়াত কৌশলগত প্ৰভাৱ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এইবাৰ তেওঁলোকৰ প্ৰভাৱ পৃথিৱীৰ আন আন ঠাইতো হ’বলৈ গৈ আছে। কিছুদিন পূৰ্বে চীন ভ্ৰমণ কৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আমেৰিকাৰ প্ৰভাৱৰ পৰা স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰাৰ ইংগিত দিছিল। যাৰ পৰা বহুতে অনুমান কৰিছে যে চীনে ইউৰোপৰ ‘ঐক্য’ ভাঙিবলৈ সক্ষম হৈছে।