বয়স আৰু এবছৰ বৃদ্ধি পালে বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ৷ আজি ৩৫ বছৰ সম্পূর্ণ কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷স্বামী বিৰাট কোহলীয়ে অনুষ্কাক জন্মদিনৰ শুভেচ্ছা জনাইছে । আই পি এলৰ সময়তো বিৰাটে ছ’চিয়েল মিডিয়াত পত্নীৰ বাবে বিশেষ বাৰ্তা লিখিবলৈ পাহৰা নাছিল। ভাৰতীয় ক্ৰিকেট তাৰকাগৰাকীয়ে অনুষ্কাৰ কেইবাখনো ছবি পোষ্ট কৰি অভিনন্দন জনায়।
অভিনেত্ৰীগৰাকীৰ কেইবাখনো ছবি পোষ্ট কৰি বিৰাটে লিখিছে, “তুমি শকত হোৱা বা ক্ষীণ, তোমাৰ সকলো উন্মাদনা সত্ত্বেও তোমাক ভাল পাওঁ! তুমিয়েই মোৰ সকলো, জন্মদিনৰ শুভেচ্ছা।”
https://www.instagram.com/p/CrsDNqwvOzZ/?utm_source=ig_embed&ig_rid=c342a42b-73c7-442f-a80d-f056f89c8a5d
বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই ২০১৭ চনত ইটালীত ব্যক্তিগত অনুষ্ঠানত বিৰাট কোহলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তাৰ আগতে ২০১৩ চনৰ পৰা দুয়োৰে মাজত চলি আহিছিল প্ৰেমৰ সম্পর্ক । বিৰাট আৰু অনুষ্কা প্ৰথমে শ্বেম্পুৰ বিজ্ঞাপনৰ চেটত লগ পাইছিল। ইয়াৰ পিছত বহু ধুমুহাৰ মাজেৰেও বিৰুষ্কাই ইজনে সিজনৰ হাত এৰি যোৱা নাছিল। বিৰাটৰ বেয়া ফৰ্মৰ বাবে অনুষ্কাক বাৰে বাৰে সমালোচনা কৰা হৈছে। ইয়াৰ পিছতো দুয়ো ইজনে সিজনৰ কাষত থাকিল। বিয়াৰ তিনিবছৰৰ পাছত বিৰুষ্কাৰ কোলালৈ তেওঁলোকৰ সন্তান বামিকা আহিল। অনুষ্কাৰ ছোৱালীজনীৰ বয়স এতিয়া দুবছৰ।