গুৱাহাটী, ১ মে’ ঃ যোৱা ২৯ আৰু ৩০ এপ্ৰিল তাৰিখে, দুদিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজ্ঞানমনস্ক যাত্ৰা, অসমৰ প্ৰথম কেন্দ্ৰীয় বাৰ্ষিক সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত অসমৰ ভিন্ন প্ৰান্তৰ আৰু বিজ্ঞানমনস্ক যাত্ৰাৰ ৪ খন জিলা সমিতি তথা গুৱাহাটী মহানগৰ সমিতিৰ প্ৰায় ১৫০ গৰাকী প্ৰতিনিধি তথা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। দুটা দিনত মুঠ চাৰিখন সত্র অনুষ্ঠিত কৰা হয়। প্ৰথম দিনৰ প্ৰথম সত্র ‘আলোচনা সভা’ পৰিচালনা কৰে কেন্দ্ৰীয় সমিতিৰ অন্যতম সদস্য তথা সন্মিলন উদযাপন সমিতিৰ যুটীয়া সম্পাদক পুলিন কলিতা আৰু সদস্য ইয়াছমিন আৰা বেগমে। অভ্যৰ্থনা সমিতিৰ সভাপতি কমল তালুকদাৰ, সদস্য দ্বিজেন বৰ্মন আৰু হংসৰাম বৈশ্যৰ তত্বাৱধানত প্ৰতিনিধি পঞ্জীয়ন আৰম্ভ হয় পুৱা ৯:৩০ বজাত। আলোচনা সভা পুৱা ১০:৩০ বজাত অভ্যৰ্থ সমিতিৰ সভাপতি কমল তালুকদাৰ আদৰণি ভাষণেৰে আৰম্ভ হৈ দুপৰীয়া ২ বজাত তদৰ্থ সমিতিৰ উপসভাপতি পুতুল চন্দ্ৰ ডেকাৰ সামৰণি ভাষণেৰে অন্ত পৰে।
আলোচনা সভা আৰম্ভ হয় বিজ্ঞানমনস্ক যাত্ৰাৰ সংঘ-গীত “আমি বিজ্ঞানমনস্ক যাত্ৰী” গীতটিৰে। পৰিবেশন কৰে বিশ্বজিৎ দাসৰ নেতৃত্বত বৰপেটা জিলা সমিতিৰ শিল্পীবৃন্দই।
আলোচনা সভাত বহুমূলীয়া ভাষণেৰে বিজ্ঞানমনস্ক যাত্ৰী সকলক উদ্বুদ্ধ কৰে বিশিষ্ট বিজ্ঞানলেখক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কুলেন্দু পাঠক আৰু বিশিষ্ট বিজ্ঞান লেখক, উত্তৰপূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰাক্তন জ্যেষ্ঠ বিজ্ঞানী ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে।
‘ভাৰতীয় বিজ্ঞান ও যুক্তিবাদী সমিতি- পশ্চিমবংগ’ৰ দীনেশ সাহা আৰু দীপক ৰয়ে “অলৌকিক নয়, লৌকিক” শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠানৰ জৰিয়তে কেনেকৈ বাবা/গুৰু/তান্ত্ৰিক আদিয়ে বিজ্ঞানৰ সমল ব্যৱহাৰ কৰি সাধাৰণ মানুহক বুৰ্বক বনাই যুগে যুগে ঠগি আহিছে, সেয়া হাতেকামে সুন্দৰকৈ উপস্থাপন কৰে। উপস্থিত সদস্যসকলৰ সদৰ্থক অংশগ্ৰহণে এই অনুষ্ঠানটি আকৰ্ষণীয় কৰি তোলে।
দুপৰীয়াৰ আহাৰৰ পিছত সন্মিলনৰ দ্বিতীয় সত্র ‘প্ৰতিনিধি সভা’ পৰিচালনা কৰে বিজ্ঞানমনস্ক যাত্ৰাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি ভূঞা, কাৰ্যকৰী সভাপতি হামজা চৌধুৰী আৰু সভাপতি ৰিপুঞ্জয় গগৈয়ে। প্ৰতিনিধি সকলৰ চিনাকি পৰ্বৰ পিছতে তদৰ্থ সমিতিৰ সাধাৰণ সম্পাদক নয়নজ্যোতি ভূঞাই সম্পাদকীয় প্ৰতিবেদন, বিত্তীয় প্ৰতিবেদন আৰু বিজ্ঞানমনস্ক যাত্ৰাৰ সংবিধানৰ খচৰা পাঠ কৰে। সম্পাদকীয় প্ৰতিবেদন, সংবিধানৰ খচৰা আৰু প্ৰস্তাৱৰ ওপৰত প্ৰতিনিধি সকলৰ মতামত গ্ৰহণ কৰা হয়। সম্পাদকে কেন্দ্ৰীয় তদৰ্থ সমিতিক পূৰ্ণাংগ কেন্দ্ৰীয় সমিতিলৈ পৰিৱৰ্তন কৰাৰ বাবে পৰিবৰ্ধিত ৰূপত কেন্দ্ৰীয় সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰতিনিধি সকলৰ মতামতৰ আধাৰত নিম্নোল্লিখিত সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়:
১) অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে, বিজ্ঞান জনপ্ৰিয়কৰণ আৰু বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰৰ বাবে লেখা-মেলা আৰু বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে যুক্তিবাদী বৌদ্ধিক আন্দোলনক গতি প্ৰদান কৰা মহান ব্যক্তি প্ৰবীৰ ঘোষ, শিৱনাথ বৰ্মন, ইন্দিবৰ দেউৰী আৰু ডঃ প্ৰফুল্ল মহন্তৰ বিয়োগ বিজ্ঞানমনস্ক সকলৰ বাবে অপূৰণীয় ক্ষতি। এই মহান ব্যক্তি সকলক সন্মিলনে গভীৰ শ্ৰদ্ধাৰে সুঁৱৰি এটি শোক-প্ৰস্তাৱ গ্ৰহণ কৰে।
২) ভাৰতৰ সকলো সমভাবাপন্ন সংগঠনৰ বিজ্ঞান জনপ্ৰিয়কৰণ, বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰ আৰু প্ৰচাৰ, অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ চলাই যোৱা, ধৰ্মীয় গোড়ামীৰ বিপক্ষে থিয় দিয়া আদি কামকাজক বিজ্ঞানমনস্ক যাত্ৰাই সমৰ্থন কৰি যাব আৰু এনে সংস্থা/সংগঠনৰ লগত হাতত হাত মিলাই আগবাঢ়ি যাব। বিজ্ঞানমনস্ক যাত্ৰাই কোনো সংগঠনক প্ৰতিদ্বন্দী বুলি নাভাবে।
৩) নতুন শিক্ষা-নীতিৰ আধাৰত চৰকাৰে NCERT ৰ পাঠ্যপুথিত যি ব্যাপক পৰিৱৰ্তন আনিছে, সেয়া উদ্দেশ্য প্ৰণোদিত, অযৌক্তিক, অগণতান্ত্ৰিক আৰু শিক্ষাৰ গণমুখীতাৰ পৰিপন্থী। সন্মিলনে এই পৰিবৰ্তনৰ ঘোৰ বিৰোধিতা কৰে।
৪) বিজ্ঞানমনস্ক যাত্ৰাৰ বাকী থকা জিলা সমিতিসমূহ গঠন কৰা আৰু সংগঠনৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰা
৫) সন্মিলনে বিজ্ঞানমনস্ক যাত্ৰাৰ সংবিধানৰ খচৰা গৃহীত কৰে আৰু শুধৰণিৰ সংযোজনেৰে পুনৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিক অধিকাৰ প্ৰদান কৰে আৰু ৩ মাহৰ ভিতৰত সাধাৰণ সভাৰ জৰিয়তে গৃহীত কৰাৰ নিৰ্দেশ দিয়ে।
৬) কেন্দ্ৰীয় সমিতিয়ে জিলা আৰু শাখা সমিতিৰ সহযোগত নিয়মীয়াকৈ ছাত্র-ছাত্ৰী সকলৰ মাজত সজাগতা অনুষ্ঠান আয়োজন কৰা
৭) চৰ অঞ্চল আৰু চাহ-জনগোষ্ঠীৰ মাজত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা।
৮) ভণ্ড জ্যোতিষী, সাধু/বাবা/বেজ/তান্ত্ৰিক/ওজা, অবৈজ্ঞানিক তথা অমানৱীয় বিকল্প চিকিৎসা পদ্ধতিৰ বিৰুদ্ধে জনমত গঠনৰ যোগেদি সবল প্ৰতিৰোধী কাৰ্যসূচী গ্ৰহণ কৰা
৯) লিঙ্গবৈষম্য, তোলনি বিয়া আদিৰ বিৰুদ্ধে সজাগতা অনুষ্ঠানৰ আয়োজন কৰা
১০) দেহদান আৰু অংগদানৰ ওপৰত সজাগতা সভাৰ জৰিয়তে মানুহক অনুপ্ৰাণিত কৰা
১১) ভূত-প্ৰেতে ধৰা, আই-লম্ভা, ডাইনী-যখিনি সজা, ৰহস্যময় পৰিঘটনাৰ সৃষ্টি কৰা আদিবোৰৰ প্ৰাৰম্ভিক তদন্ত কৰিবলৈ এটি বিশেষজ্ঞ দক্ষ দল গঠন কৰি কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱা। এই বিশেষজ্ঞ দলৰ প্ৰশিক্ষণৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰা।
১২) সন্মিলনে এখন উপদেষ্টা সমিতিৰ লগতে ৩৫ জনীয়া পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে:
উপদেষ্টা সমিতি: ১) ডঃ কুলেন্দু পাঠক ২) দেৱকান্ত সন্দিকৈ ৩) ডঃ জ্যোতিৰ্ময় জানা ৪) ডঃ খলিলুৰ ৰহমান ৫) পদ্মশ্ৰী বিৰুৱালা ৰাভা ৬) ডঃ পৱন চহৰীয়া ৭) ডঃ পৰমানন্দ মজুমদাৰ ৮) তপন কুমাৰ শৰ্মা ৯) শংকৰ শইকীয়া ১০) দ্বিজেন্দ্ৰনাৰায়ন শৰ্মা ১১) জুনু বৰা ১২) দ্বীপেন কাকতি ১৩) মীনা দাস বৰুৱা ১৪) লিয়াকত আলি ১৫) জীৱন দত্তবৰুৱা
সভাপতি: ৰিপুঞ্জয় গগৈ
কাৰ্যকৰী সভাপতি: হামজা চৌধুৰী
উপসভাপতি: ১) পুতুল চন্দ্ৰ ডেকা ২) দ্বিজেন বৰ্মন ৩) কমল তালুকদাৰ ৪) দিলীপ গোস্বামী ৫) জগত বৰা
সাধাৰণ সম্পাদক: নয়ন জ্যোতি ভূঞা
সহকাৰী সাধাৰণ সম্পাদক: ১) পুলিন কলিতা ২) ইউচুফ আলম চৌধুৰী ৩) ইয়াছমিন আৰা বেগম
কোষাধ্যাক্ষ: দীপক শৰ্মা
বিশেষজ্ঞ সমিতি: ১) ডাঃ দেৱজিৎ শৰ্মা
২) ডঃ জোনমণি দেৱী খাউণ্ড
প্ৰচাৰ আৰু কাৰিকৰী দল: ১) ভাৰ্গব বৰঠাকুৰ ২)ভাস্কৰ ভূঞা ৩) ৰাজদীপ ভূঞা
কাৰ্যনিৰ্বাহক সদস্য:
১) ৰঞ্জীতা শইকীয়া ডেকা ২) দীপক কুমাৰ কলিতা ৩) হংসৰাম বৈশ্য ৪) আব্দুল আজিজ চৌধুৰী ৫) অশোক দাস ৬) মহম্মদ আখতাৰ ৭) খাইৰুজ জামান ৮) নিভা দাস ৯) কস্তুৰী লালবেগী ১০)খাইৰুল আলম ১১) ৰেখামণি গোস্বামী ১২) অঞ্জনা বৰ্মন ১৩) নাহিদ আহমেদ
প্ৰতিনিধি সভাৰ অন্তত সভাকক্ষৰ বাহিৰত “জ্যোতিৰ্বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা” সম্পৰ্কে “Scientific Temperament সংস্থা” ৰ অংশুমান হাজৰিকা আৰু সংগীবৃন্দই দূৰবীণৰ জৰিয়তে জোনবাই আৰু তৰা চোৱাৰ অনুষ্ঠান “জোনবাই এ বেজী এটা দিয়া” অনুষ্ঠিত কৰে।
সন্ধিয়া সন্মিলনৰ তৃতীয় সত্র”সংগীত সন্ধিয়া”ত ভাৰতীয় গণনাট্য সংঘ, গুৱাহাটীৰ সম্পাদক হুমায়ুন চৌধুৰীৰ পৰিচালনাত প্ৰতিনিধি সকল আৰু বিজ্ঞানমনস্ক যাত্ৰাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে গীত-মাত, কবিতা আৰু নৃত্য প্ৰদৰ্শনেৰে সন্ধিয়াটো উপভোগ্য কৰি তোলে।
বাৰ্ষিক সন্মিলনৰ দ্বিতীয় দিনৰ পুৱা চতুৰ্থখন সত্র “মুকলি সভা” পৰিচালনা কৰে নয়নজ্যোতি ভূঞা, হামজা চৌধুৰী আৰু ইউচুফ আলম চৌধুৰীয়ে। মুকলি সভা উন্মোচিত হয় অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক পুলিন কলিতাৰ আদৰণি ভাষণেৰে। ভাৰতীয় গণনাট্য সংঘৰ সম্পাদক হুমায়ুন চৌধুৰীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীত “তোৰে মোৰে আলোকেৰে যাত্ৰা”ৰে সকলোকে অনুপ্ৰাণিত কৰি তোলে। ডাঃ দেৱজিৎ শৰ্মাৰ নেতৃত্বত চিকিৎসক দলৰ CPR ৰ প্ৰশিক্ষণ শিবিৰ আৰু গহপুৰৰ বিজ্ঞানমনস্ক গোট ‘Scientific Temperament’ ৰ শিক্ষয়িত্ৰী গায়ত্ৰী বৰকটকী আৰু সংগীবৃন্দই “অন্ধবিশ্বাস দূৰীকৰণৰ ক্ষেত্ৰত বিজ্ঞানশিক্ষা আৰু বৈজ্ঞানিক মানসিকতাৰ ভূমিকা” শীৰ্ষক বিষয়ত কৰা গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰদৰ্শনে উপস্থিত সকলোকে আপ্লুত কৰে। এই মুকলি সভাতে চিত্ৰকৰ তপন মাহত্বৰ চিত্তাকৰ্ষক চিত্ৰ প্ৰদৰ্শনী উন্মোচন কৰে প্ৰবীণ চিত্ৰশিল্পী পদ্ম পাটৰে । মুকলি সভাৰ মুখ্য আলোচক হিচাপে বিশিষ্ট বিজ্ঞান লেখক, বিজ্ঞান-জেউতি আলোচনীৰ সম্পাদক তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ পৱন চহৰীয়া ডাঙৰীয়াই “বিজ্ঞানমনস্কতাৰ প্ৰসাৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান” শীৰ্ষক বিষয়ত বিশদ আলোচনা আগবঢ়ায়। এই সত্রতে বিপ্লৱজ্যোতি ভূঞা আৰু নিতুল চাংমায়ে সম্পাদনা কৰা বিজ্ঞানমনস্ক যাত্রাৰ মুখপত্র ‘আলোকসন্ধান’ উন্মোচন কৰে বিশিষ্ট বিজ্ঞান লেখক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ পৰমানন্দ মজুমদাৰে। ইয়াৰ পাছতে বিজ্ঞানমনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰ, বিজ্ঞান জনপ্ৰিয়কৰণ, পৰিবেশ সুৰক্ষা তথা অন্ধবিশ্বাস-কুসংস্কাৰ বিৰোধী আন্দোলনত ব্ৰতী চাৰি গৰাকী উদীয়মান বিজ্ঞানমনস্ক ব্যক্তিক “উৎসাহিত কৰোঁ আহক” অনুষ্ঠানত ‘উৎসাহন’ বঁটা প্ৰদান কৰা হয়। উদীয়মান বিজ্ঞান লেখক, বিজ্ঞানকৰ্মী আৰু শিক্ষয়ত্ৰী অনুলেখা কাকতীক উৎসহান বঁটা প্ৰদান কৰে প্ৰবীণ চিন্তাবিদ, সমাজকৰ্মী অৱনী বৰঠাকুৰে। যুক্তিবাদী লেখক, বিজ্ঞানকৰ্মী অভিযন্তা ভাৰ্গব বৰঠাকুৰক উৎসাহন বঁটা প্ৰদান কৰে বিজ্ঞানমনস্ক প্ৰাক্তন শিক্ষয়িত্ৰী মীনা দাস বৰুৱাই । উদীয়মান বিজ্ঞানকৰ্মী, প্ৰবন্ধকাৰ, শিক্ষক আৰহাণ ইনামূলক উৎসাহন বঁটা প্ৰদান কৰে বিজ্ঞানমনস্ক লেখক,চিন্তাবিদ,প্ৰাক্তন অধ্যাপক ডঃ জ্যোতিৰ্ময় জানাই। পৰিবেশকৰ্মী আৰু ‘বন্যবন্ধু’ নামেৰে খ্যাত উদীয়মান যুৱক প্ৰসন্ন কলিতাক উৎসাহন বঁটা প্ৰদান কৰে লেখক, বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ দাসে। এই অনুষ্ঠানত অৱনী বৰঠাকুৰ, মীনা দাস বৰুৱা, মহিলা নেত্ৰী জুনু বৰা, প্ৰাক্তন অধ্যাপক জ্যোতিৰ্ময় জানা আৰু ডঃ বিৰিঞ্চি কুমাৰ দাসে উৎসাহজনক ভাষণেৰে সকলোকে উৎসাহিত কৰে। বিজ্ঞানমনস্ক যাত্ৰাই প্ৰকাশ কৰা, বিজ্ঞানকৰ্মী তথা বিজ্ঞানমনস্ক যাত্ৰাৰ কাৰ্যকৰী সভাপতি হামজা চৌধুৰীৰ পুস্তিকা, “প্ৰকৃতিয়েই অদৃষ্ট শক্তি নেকি?” উন্মোচন কৰে ভাস্কৰ্যশিল্পী ত্ৰিদিব দত্তই ।সামৰণি ভাষণেৰে বিজ্ঞানমনস্ক যাত্ৰাৰ সভাপতি ৰিপুঞ্জয় গগৈয়ে এখন সফল সন্মিলনৰ পৰিসমাপ্তিৰ বাবে সকলো লৈ ধন্যবাদ জ্ঞাপন কৰে।