যোৱা ১৪ ৰ পৰা ১৭ এপ্ৰিললৈ বিশাল আয়োজনেৰে উদযাপন কৰা ‘নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন’ৰ হীৰক জয়ন্তী বৰ্ষৰ পৰীক্ষিত হিচাব নিকাচ আজি ১ মে’ তাৰিখৰ সাধাৰণ সভাত উপস্থিত ৰাইজৰ সমুখত দাখিল কৰা হয় । বৃহত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত এই বিহু সন্মিলনৰ সাধাৰণ সভাত পঁচিশ লাখৰো বেছি টকাৰ আয়-ব্যয়ৰ হিচাব অতি কম সময়ৰ ভিতৰত দাঙি ধৰি সমিতিৰ সভাপতি কমল মেধি , সম্পাদক অজয় তালুকদাৰ আৰু কোষাধ্যক্ষ চন্দন পাঠকে ৰাইজৰ প্ৰশংসা বুটলে। উল্লেখযোগ্য, যোৱা ছমাহৰ ভিতৰত, ৰঙালী বিহুৰ উপৰি অন্য কেইবাটাও অনুষ্ঠান সফলতাৰে আয়োজন কৰা পৰিচালনা সমিতিখনে চাৰি লাখৰো বেছি ধন ৰাহি কৰি চমক সৃষ্টি কৰে । বিহু পৰিচালনাৰ বাবে মুক্তহস্তে দান বৰঙণি আগবঢ়াই উৎসাহিত কৰা সকলো ৰাইজ আৰু পৃষ্ঠপোষকলৈ সভাপতি কমল মেধিয়ে নিজ ভাষণত কৃতজ্ঞতা জ্ঞাপন কৰে ।
বিহু পৰিচালনা কৰি হাতত ৰোৱা ৰাহি ধনেৰে বিহুৰ স্হায়ী মঞ্চ আৰু সংলগ্ন গৃহ ইত্যাদিৰ মেৰামতি শ্ৰীবৃদ্ধিৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশৰ মানসে একাংশ ধন ব্যয় কৰিবলৈ সমিতিয়ে ঐকমত্য সিদ্ধান্ত গ্ৰহণ কৰে বিশেষ ভাৱে সক্ষম শিশুৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ উপৰি বিহুতলীত স্বাস্থ্য শিবিৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ লয় ।
সভাত বিশেষ ভাৱে আমন্ত্ৰিত, বিশিষ্ট ক্ৰীড়া সংগঠক তথা মহাৰাণা ক্লাৱৰ বিষয়ববীয়া দীপজ্যোতি বৰুৱাই ,’নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন’ৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ দিশটোক ভূঁয়সী প্ৰশংসা কৰে । তদুপৰি বিশাল বাজেটৰ বিহু এখন পৰিচালনা কৰি, মাত্ৰ এটা পষেকৰ ভিতৰত স্বচ্ছতাৰে হিচাব দাখিল কৰাটো ই অন্য বিহু সন্মিলনসমূহৰ বাবেও আৰ্হি হৈ উঠিব পাৰে বুলি মন্তব্য দিয়ে ।