ঋতু পৰ্ণ শৰ্মা,নগাঁও,২মে’:– আর্যভট্ট বিজ্ঞান কেন্দ্র,কলিয়াবৰ উন্নয়ন খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত মঙ্গলবাৰে নগাঁও জিলাৰ কলিয়াবৰ মহাবিদ্যালয়ত কলিয়াবৰ শিক্ষাখণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয় । কলিয়াবৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা আর্যভট্ট বিজ্ঞান কেন্দ্ৰ, কলিয়াবৰৰ সমন্বয়ক ড০ ৰাজীৱ কুমাৰ বৰাৰ তত্বাৱধানত অনুষ্ঠিত বিজ্ঞান সমাৰোহখনি কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উত্তম কুমাৰ বৰুৱাই উদ্বোধন কৰে ।
বিজ্ঞান সমাৰোহৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা প্রতিযোগিতাত পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ লিপাশ্ৰী দেৱীয়ে প্রথম স্থান,কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডলিপ্ৰিয়া বৰাই দ্বিতীয় স্থান আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বনশ্রী শর্মাই তৃতীয় স্থান লাভ কৰে । প’ষ্টাৰ ড্র’য়িং প্রতিযোগিতাত শঙ্কৰদেৱ শিশু নিকেতনৰ শিৱানী বিশ্বাসে প্রথম স্থান,বিমলা একাডেমিৰ জ্ঞানম কোঁৱৰে দ্বিতীয় স্থান আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বনজোস্না বৰাই তৃতীয় স্থান লাভ কৰে । ইপিনে আইডিয়া প্রতিযোগিতাত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৰূপশিখা বৰাই প্ৰথম স্থান,শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰণজিৎ বৰাই দ্বিতীয় স্থান আৰু চেইন্ট ৰবাৰ্ট হাইস্কুলৰ প্ৰাপ্তি কাশ্যপ হাজৰিকা তথা হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয়ৰ কৌস্তভ বৰুৱাই যুটীয়া ভাবে তৃতীয় স্থান দখল কৰে
বিজ্ঞান আৰ্হি প্রদর্শনী প্রতিযোগিতাত বিমলা একাডেমি আৰু জখলাবন্ধা স্কুলে ক্রমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰাৰ লগতে হিন্দুস্থানী কেন্দ্রীয় বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । বিয়লি অনুষ্ঠিত বঁটা বিতৰণী সভাত আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নগাঁও জিলাৰ সমন্বয়ক কিশোৰ দেৱ, আর্যভট্ট বিজ্ঞান কেন্দ্ৰ খাগৰিজান খণ্ডৰ সমন্বয়ক উদ্ধৱ শইকীয়া উপস্থিত থাকে । এই অনুষ্ঠানত পানীক আৰ্ছেনিক মুক্ত কৰিব পৰা কেপচুল উদ্ভাৱনেৰে চমক সৃষ্টি কৰা কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাই বিজ্ঞান শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে “ইন্টেলছুৱেল প্ৰপাৰ্টি ইণ্ডিয়া”ৰ ওপৰত বক্তব্য আগবঢ়ায়।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক মনোবৃত্তি গঢ়ি তুলি শৈক্ষিক ক্ষেত্ৰত উত্তৰণ ঘটাবলৈ আয়োজিত বিজ্ঞান সমাৰোহত অধ্যাপক ড° ৰাজীৱ কুমাৰ বৰাই প্ৰতিযোগিতাৰ আঁত ধৰা বিজ্ঞান সমাৰোহখনিত কলিয়াবৰৰ ২১ খন বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে তত্ত্বাবধায়ক শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্রহণ কৰে । উল্লেখ্য যে প্ৰতিযোগিতাৰ মূল্যায়ণৰ বাবে আমন্ত্ৰিত বিচাৰক সকল হ’ল ক্ৰমে ড°অনুপম কুমাৰ মেধি, চিৰঞ্জীৱ বেজবৰুৱা,ড° বশিষ্ঠ কলিতা,ড° ৰি ভঁৰালী,অভিজিত সোনোৱাল, ভবেন বৰুৱা আৰু গুণমণি ওজা ।
পুৰষ্কাৰ বিতৰণৰ অন্তত মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা আর্যভট্ট বিজ্ঞান কেন্দ্ৰ,কলিয়াবৰ শিক্ষাখণ্ডৰ সক্রিয় সদস্য ভবেন বৰুৱাই আর্যভট্ট বিজ্ঞান কেন্দ্র, কলিয়াবৰৰ হৈ সকলো ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানটিৰ সফল সামৰণি ঘোষণা কৰে ।