শৰীৰৰ বাবে এক নীৰৱ ঘাটকস্বৰূপ হৈছে উচ্চ ৰক্তচাপ। কাৰণ এই ৰোগে শৰীৰটোক ধীৰে ধীৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। আনহাতে আজিকালি কেৱল বয়সস্থ লোকৰেই নহয় , যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰত দেখা দিব পাৰে এই ৰোগে। অত্যাধিক ওজন, অনিয়ন্ত্ৰিত জীৱন-যাপন , অস্বাস্থ্যকৰ খাদ্যৰ বাবেই দেখা দিব পাৰে এই ধৰণৰ সমস্যাই।
চিকিৎসকসকলৰ মতে উচ্চ ৰক্তচাপ হ’লে কেৱল ঔষধ খোৱাৰ উপৰিও দৈনদ্দিন খাদ্যৰ ওপৰতো নজৰ দিয়া অতিকে জৰুৰী।
- প্ৰতিদিনে তাজা ফল যেনে নেমু , আমলখী , আপেল , কমলা, বেদানা , কল ,নাচপতি আদি খোৱাৰ অভ্যাস কৰা উচিত।
- প্ৰতিদিনে খাদ্যত প্ৰচুৰ শাক-পাচলি যেনে- পালেং শাক, কলমৌ শাক, বন্ধাকবি, ফুলকবি, বিলাহী, লাও, মটৰ, বেঙেনা, কোমোৰা তিঁয়হ আদি খাব লাগে।
- দৈনদ্দিন খাদ্যত পটাচিয়াম থকা খাদ্যৰ পৰিমান বঢ়াব পাৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ডাব নাৰিকলৰ পানী , কল , বিলাহী আদিবোৰত পটাচিয়াম প্ৰচুৰ পৰিমাণে থাকে।
- ৰাতিপুৱা খালিপেটত পানীত তিয়াই থোৱা বাদাম যেনে – আলমন্ড , আখৰুট, কাজু আদি খালেও যথেষ্ট উপকাৰ পোৱা যায়।
- উচ্চ ৰক্তচাপ হ’লে প্ৰচুৰ পৰিমাণে মাছ খোৱা উচিত। কিন্তু এইক্ষেত্ৰত খুব তেলযুক্ত মাছ পৰিহাৰ কৰিব লাগিব।
আনহাতে উচ্চ ৰক্তচাপৰ সমস্যাত ভূগি থাকিলে কিছুমান খাদ্য খোৱাটোও স্বাস্থ্যৰ পক্ষে অপকাৰী। প্ৰচুৰ পৰিমাণে নিমখ থকা খাদ্য এইসময়ত এৰাই চলিব লাগিব। পেকেটত থকা খাদ্য ,ঘি- মাখন, কেক , পেষ্ট্ৰি, পৰঠা , লুচি ,আইচক্ৰীম আদিবোৰ খোৱা একেবাৰেই অনুচিত। আনহাতে উচ্চ ৰক্তচাপ হ’লে মদ্যপান আৰু ধূমপানৰ অভ্যাসো সম্পূৰ্ণ ত্যাগ কৰিব লাগিব।