কণ্ঠশিল্পী অৰিজিত সিঙৰ মহানুভৱতা ৷ ব্যক্তিগত খৰচেৰে নিজৰ গাৱঁত নির্মাণ কৰিব হাস্পতাল ৷ তেওঁ জাংগীপুৰত এখন চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্য আৰু মুৰ্ছিদাবাদ জিলা প্ৰশাসনক চিকিৎসালয়খন নিৰ্মাণৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। বৃহস্পতিবাৰে মালদা আৰু মুৰ্ছিদাবাদ জিলাৰ প্ৰশাসনিক বৈঠকত জিলা স্বাস্থ্য সম্পৰ্কীয় আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে অৰিজিতে চিকিৎসালয় নিৰ্মাণৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় “অৰিজিতে গাঁৱৰ বাবে কিবা এটা কৰিব বিচাৰিছে। তেওঁ এখন চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰে। সেই নথি-পত্ৰ মই জিলা প্ৰশাসনক দিছো। জাংগীপুৰত এখন চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰিছে। তেওঁৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়াওক।“
অৰিজিত হাস্পতাল নিৰ্মাণৰ পদক্ষেপত সহায় কৰিবলৈ জাংগীপুৰৰ তৃণমূলৰ সাংসদ খলিলুৰ ৰহমানকো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। তেওঁ কয়, “অৰিজিতে যদি জাংগীপুৰত চিকিৎসালয় নিৰ্মাণ কৰে, তেন্তে খলিলুৰ আটাইতকৈ বেছি সুখী হ’ব।”। তেওঁ কয়, ‘ৰাজ্য চৰকাৰে জাংগীপুৰত এখন ছুপাৰ স্পেচিয়েলিটি হস্পিতাল নিৰ্মাণ কৰিছে। যদি অৰিজিত হাস্পতাল নিৰ্মাণ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা মানুহ উপকৃত হ’ব।“