মাতৃৰ গৰ্ভতে আমেৰিকাৰ চিকিৎসকে ভ্ৰুণটোৰ জটিল অস্ত্ৰোপচাৰ কৰি সফলতা লাভ কৰিছে ৷বষ্টনৰ এখন চিকিৎসালয়ত কৰা হয় এই অস্ত্ৰোপচাৰ। শিশুটিৰ মগজুৰ ৰক্তবাহী নলীৰ সমস্যাৰ বাবে এই জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল ৷
মগজুৰ ভ সমস্যাটোক ভেনাচ অৱ গালেন মলফর্মেচন (‘Venus of Galen Malformation’) বুলি কোৱা হয়। মগজুৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই নিয়া ৰক্তবাহী নলীবোৰ সঠিকভাৱে গঠন নহ’লে এই সমস্যাৰ সৃষ্টি হয় । ইয়াৰ ফলত ৰক্তবাহী নলী আৰু হৃদপিণ্ডত চাপ পৰে। একাধিক শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। বষ্টনৰ সেই চিকিৎসালয়খনৰ চিকিৎসক ডেৰেন অৰবেকে কয় যে এই শাৰীৰিক অৱস্থাৰ ক্ষেত্ৰত শিশুটি জন্মৰ পিছত হৃদৰোগত আক্ৰান্ত হ’ব পাৰে। মগজুৰ আঘাত হ’ব পাৰে। আনকি মৃত্যুও হ’ব পাৰে।
চিকিৎসকৰ মতে, এই শাৰীৰিক অৱস্থাৰ ক্ষেত্ৰত জন্মৰ পিছত কেথেটাৰৰ জৰিয়তে মগজুৰ ৰক্তবাহী নলীত এক প্ৰকাৰৰ কইল সুমুৱাই দিয়া হয়। ইয়াৰ ফলত তেজৰ সোঁত কমি যায়। কিন্তু বেছিভাগ ক্ষেত্ৰতে এই চিকিৎসা পলম হয়। তেনে ক্ষেত্ৰত শিশুৰ শাৰীৰিক জটিলতাৰ সৃষ্টি হয়। অৰবেকে কয় যে এই শাৰীৰিক সমস্যাৰে জন্ম লোৱা শিশুৰ ৫০ৰ পৰা ৬০ শতাংশই অসুস্থ হৈ পৰে। এনে শিশুৰ মৃত্যুৰ হাৰ ৪০ শতাংশ। বাচি থকাসকলৰ স্নায়ুজনিত সমস্যা থাকে।
কেঁচুৱা ডেনভাৰৰ বৃদ্ধি মাতৃৰ গৰ্ভত স্বাভাৱিকভাৱে হৈছিল। আল্ট্ৰাছাউণ্ডৰ সময়ত তেওঁৰ মগজুৰ ৰক্তবাহী নলীত সমস্যা হোৱা দেখা যায় ৷ গৰ্ভাৱস্থাত বহু শিশু এই ৰোগত আক্ৰান্ত হয়। ইয়াৰে বহুতেই জন্মৰ পিছতো জীয়াই নাথাকে। ডেনভাৰৰো হৃদযন্ত্ৰৰ সমস্যা আছিল। ভেছকুলাৰৰ সমস্যা বাঢ়ি আহিছিল। ডেনভাৰৰ গৰ্ভৱতী ৩৪ সপ্তাহত চিকিৎসকে মগজুৰ অস্ত্ৰোপচাৰ কৰে। গৰ্ভস্থ অৱস্থাত আল্ট্ৰাছাউণ্ডৰ সহায়ত ভেছকুলাৰ চাৰ্জাৰী কৰা হয়। এতিয়া তেওঁ সুস্থ হৈ উঠিছে।