কৰ‘নাৰ পৰিস্থিতিৰ বাবে দেশত স্তব্ধ হৈ পৰা শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিছু সকাহ তথা সুবিধা দিয়াৰ চেষ্টা চলাইছে । চাইল্ড এডুকেচন এলাউয়েন্স (Child Education Allowance -CEA) ৰ জৰিয়তে এক বিশেষ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। হিন্দুস্তান টাইমছ কাকতত উল্লেখ কৰা হৈছে এই কথা।
কাকতখনৰ মতে কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত কোনো লোকে সন্তানৰ পৰীক্ষাৰ ফলাফল বা পৰীক্ষাৰ ফিজ ৰ ৰচিদ CEA ত জমা দিলে এক বিশেষ পৰিমাণৰ অৰ্থ সাহাৰ্য্য লাভ কৰিব পাৰে।
বহুতো চৰকাৰী কৰ্মচাৰীয়ে জনোৱা মতে বৰ্তমান সন্তানৰ শিক্ষা বা পৰীক্ষা সমূহ অনলাইন মাধ্যমেৰে হোৱাৰ বাবে ৰিজাল্টৰ সময়ত ফলাফলৰ তথ্য থকা এছ এম এছ বা ই – মেইলসমূহ সঠিকভাৱে পোৱা নগৈছিল। ফলত CEA ত সন্তানৰ পঢ়াৰ ক্ষেত্ৰত অৰ্থ সাহাৰ্য্যৰ বাবে আবেদন কৰিবলৈ অসুবিধাৰ সৃষ্টি হৈছিল।আনহাতে সন্তানৰ স্কুলৰ ফিজো দিবলগীয়া হৈছিল অনলাইন মাধ্যমেৰে।
গতিকে এইক্ষেত্ৰত চৰকাৰে নতুন সুবিধা কৰি দিছে যে অনলাইন মাধ্যমেৰে সন্তানৰ স্কুলৰ ফিজ দিয়া ৰচিদখন দি CEAত এই বিশেষ অৰ্থ সাহাৰ্য্যৰ বাবে আবেদন কৰিব পাৰে কোনো চৰকাৰী কৰ্মচাৰীয়ে।
কাকতখনত প্ৰকাশ কৰা মতে এই অৰ্থ সাহাৰ্য্য ২০২০ আৰু ২০২১ চনৰ শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে প্ৰযোজ্য হ’ব। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীৰ সন্তানৰ শিক্ষাৰ খৰচৰ বাবদ মাহে ২২৫০ টকাকৈ দিয়া হয় CEA ৰ মাধ্যমেৰে। আনহাতে দুটি সন্তান হ’লে দিয়া হয় ৪৫০০ টকা। প্ৰাপ্ত তথ্য মতে এজন অভিভাৱকৰ ক্ষেত্ৰত কেৱল দুটি সন্তানৰ বাবেহে প্ৰযোজ্য হ’ব এই অৰ্থ সাহাৰ্য্য।