ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাত নিহত হয় দুই সাধাৰণ নাগৰিক। সোমবাৰে পুৱা ৰাজস্থানৰ হনুমানগড়ত সংঘটিত হয় এই ঘটনা। মহাৰাটত মিগ-২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ দুগৰাকী মহিলাৰ মৃত্যু হয়।আন এজন লোকো আহত হয়। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমানখনৰ পাইলট নিৰাপদ। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হৈছে পাইলটজনক ৷
সোমবাৰে পুৱা অনুশীলনৰ বাবে ৰাজস্থানৰ চুৰাটগড়ৰ পৰা উৰা মাৰিছিল বায়ুসেনাৰ যুদ্ধ বিমানখনে। হনুমানগড়ৰ আৰক্ষী অধীক্ষক সুধীৰ চৌধুৰীয়ে জনোৱা মতে, এই ঘটনা সংঘটিত হৈছে বাহলোলনগৰত। মিগ-২১ৰ প্ৰশিক্ষণৰ অন্তিম পৰ্যায়ত আছিল। হঠাৎ বাহলোলনগৰৰ এটা ঘৰৰ চাদত বিমানখনে খুন্দা মাৰে । প্ৰায় লগে লগে ছাদখন ভাঙি সেই ঘৰত বাস কৰা দুগৰাকী মহিলাৰ মৃত্যু হয়। পৰিয়ালটোৰ এজন পুৰুষ সদস্যও গুৰুতৰভাৱে আহত হয়।
ইতিমধ্যে ভাৰতীয় বায়ুসেনাই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। হঠাতে বিমানখন কেনেকৈ ভাঙি গ’ল সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে। ইয়াৰ পূৰ্বে জানুৱাৰী মাহতো বায়ুসেনাৰ চুখয়-৩০ আৰু মিৰাজ ২০০০ৰ দুখন যুদ্ধ বিমান প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এটা মধ্যপ্ৰদেশৰ মৰেনাত আৰু আনটো ৰাজস্থানৰ ভাৰতপুৰত। সেই দুৰ্ঘটনাত এজন পাইলটৰো মৃত্যু হয়।