পুষ্টিবিদৰ পৰা চিকিৎসকলৈকে সকলোৱে দৈনন্দিন খাদ্যত মচুৰ দাইল যোগ কৰাৰ পৰামৰ্শ দিয়ে। এই দাইলৰ উপকাৰিতা বহুত। ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰালৈকে মচুৰ দাইলৰ ভূমিকা অসাধাৰণ।
প্ৰটিনৰ পৰা আৰম্ভ কৰি কাৰ্বহাইড্ৰেটলৈকে সকলো বস্তু সমান অনুপাতত থাকে মচুৰ দাইলত । মচুৰ দাইলত আঁহ আৰু চৰ্বিও থাকে। ফলত যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে মুছুৰ দাইল নিয়মীয়াভাৱে খাব পাৰে ৷
এক কাপ মচুৰ দাইলত ১৮০ কেলৰি থাকে। ইয়াত ১০ গ্ৰাম প্ৰটিন থাকে। আঁহৰ পৰিমাণ ৬ গ্ৰাম। মূলতঃ মচুৰ দাইলত আঁহৰ পৰিমাণ সৰ্বাধিক। ফলস্বৰূপে এই দালিয়ে পেটটো দীঘলীয়া সময়লৈকে ভৰপূৰ কৰি ৰখাত সহায় কৰে। লগতে মচুৰ দাইল হজম হ’বলৈ বেছি সময় নালাগে। আৰু পাচন প্ৰক্ৰিয়া ভাল হ’লে ওজনো নিয়ন্ত্ৰণত থাকে।
বহুতে হয়তো নাজানে, মচুৰ দাইলৰ হৃদৰোগ প্ৰতিৰোধৰ ক্ষমতাও আছে। ইয়াত কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ আদি উপকাৰী উপাদান থাকে, যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।
যিকোনো দাইল শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু চকুৰ যত্ন ল’বলৈ মচুৰ দাইলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এই দাইলবোৰত ভিটামিন চি, ই আৰু এ থাকে। এই ভিটামিনসমূহে চকু সুস্থ কৰি ৰাখে।