মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্য়খনত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ যোৱা বুধবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত অশান্তিৰ সৃষ্টি হৈছে। ৰাজ্যৰ এটা অংশত সান্ধ্য আইন আৰোপ কৰাৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেট সেৱা বন্ধ কৰালৈকে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে হিংসাত্মক পৰিস্থিতিৰ বিষয়ে প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে মুখ খুলিছে ৷ তেওঁ ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।
বীৰেনে কয় যে যোৱা কেইদিনমানত মণিপুৰত ৬০ জন লোকৰ হিংসাত্মক ঘটনাত মৃত্যু হৈছে। ইয়াৰ বাহিৰেও বহু লোক আহত হয়। বহু লোকৰ ঘৰ জ্বলিছে। এই পৰিস্থিতিৰ বাবে যিসকল দায়ী তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কঠোৰ শাস্তিৰো সকীয়াই দিয়ে।
মণিপুৰৰ চুৰাচান্দপুৰত যোৱা বুধবাৰে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এই ৰাজ্যৰ সৰহসংখ্যক জনসংখ্যা মেইটেই সম্প্ৰদায়ৰ। দীৰ্ঘদিন ধৰি অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ বাবে আন্দোলন কৰি আহিছে। এই দাবীৰ বিৰোধিতা কৰি বুধবাৰে মণিপুৰী ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ চমুকৈ আটছুমে এক শোভাযাত্ৰা উলিয়ায়। তাৰ পৰাই আৰম্ভ হ’ল সংঘাত।
সেইদিনাৰ পৰাই মুখ্যমন্ত্রী বীৰেন সিঙে কেইবাটাও টুইটৰ জৰিয়তে ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি সন্দর্ভত বিভিন্ন নির্দেশ দিছে৷ অৱশ্যে সোমবাৰে প্ৰথমে ৰাজহুৱাভাৱে তেওঁ মুখ মেলিলে। তেওঁ কয় যে, “এই হিংসাত এতিয়ালৈকে ৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হয় ২৩১জন লোক। ইয়াৰ বাহিৰেও কমেও ১৭০০ ঘৰ জ্বলি গৈছে। ৰাজ্যবাসীক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ।”
তেওঁ লগতে কয়, “মণিপুৰৰ বিভিন্ন প্ৰান্তত গৃহহীন আৰু সিঁচৰতি হৈ থকা সকলোকে চৰকাৰে সহায় কৰি আছে। নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। এই পৰ্যন্ত ২০ হাজাৰ লোকক নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে। আৰু ১০ হাজাৰ লোক গৃহহীন হৈছে ৷”
এই পৰিস্থিতিৰ বাবে দায়ীসকলক চিনাক্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰীয়ে। কেৱল সেয়াই নহয়, পৰিস্থিতি চম্ভালিব নোৱাৰা আৰু কৰ্তব্য পালনত ব্যৰ্থ হোৱা চৰকাৰী আৰু প্ৰশাসনিক বিষয়াসকলকো কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়। একে সময়তে ৰাজ্যবাসীক ভুৱা বাতৰি আৰু উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ বীৰেনে আহ্বান জনায়।
মণিপুৰৰ হিংসা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভূমিকাক মুখ্যমন্ত্ৰীয়ে শলাগ লয়। তেওঁ শ্বাহক ধন্যবাদ জনায়। বীৰেনে কয় যে ঘটনাৰ প্ৰথম দিনাৰ পৰাই শ্বাহে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় বাহিনী। ইয়াৰ বাবে তেওঁ গৃহমন্ত্ৰীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে।