অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মঙ্গলবাৰে গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত উপস্থিত হয় । মুখ্যমন্ত্ৰীগৰাকীয়ে ২০১১ চনৰ ২৫ ফেব্ৰুৱাৰীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে আৰম্ভ কৰা বটদ্ৰৱা প্ৰকল্পৰ কাম- কাজৰ বুজ লয়। উল্লেখ্য যে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত নিৰ্মাণ হৈ আছে এই প্ৰকল্প । ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ উদ্যোগ আৰু তৎপৰতাত অসম চৰকাৰৰ পুঁজিৰে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ,সভাগৃহ,সত্ৰাধিকাৰৰ বহা,অতিথিশালা নতুন ৰূপত নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে । বটদ্ৰৱা থানত সেৱা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে থান চৌহদত ৰূপায়ণ হৈ থকা উন্নয়নমূলক আঁচনিৰ কাম-কাজৰ বুজ লয় । ইতিমধ্যে এই নিৰ্মাণ কাৰ্যৰ ৮০ শতাংশ কাম-কাজ সম্পূৰ্ণ হৈ উঠিছে । পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে বৈষ্ণৱ সংস্কৃতিৰ আধাৰত চাৰিটাকৈ ডাঙৰ গৃহ বনাই থকা হৈছে,ভকত সকল থকা গৃহ,প্ৰশাসনীয় ভৱনকে আদি কৰি এই সমগ্ৰ কামখিনি দ্ৰুতগতিত চলিছে আৰু এই কামত প্ৰায় ২০ কোটিৰ অধিক ধন খৰছ কৰা হ’ব । মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অনুৰোধ কৰাত হাটী পুখুৰী, টেম্বুৱনীজানৰ সৌন্দৰ্যবৰ্ধন আৰু আকাশী গংগা জলধাৰা সংৰক্ষণৰ বাবে বান নিয়ন্ত্ৰণ বিভাগক নতুন অন্য এটা প্ৰকল্পৰ নিৰ্দেশ দিয়ে । লগতে আকাশী গংগাৰ পাৰত দূৰ-দূৰণিৰ ভকত বৈষ্ণৱে ভোজনৰ বাবে পাকঘৰ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে । তদুপৰি বিগত বছৰৰ ১৬ এপ্ৰিলত বটদ্ৰৱা থানৰ কাৰ্যালয় নিৰ্মাণ,সত্ৰাধিকাৰসকলৰ বহা, আবৰ্জনা নিস্কাষন ব্যৱস্থা, দামোদৰ আতা ভৱনৰ নিৰ্মাণ,সভাগৃহ,ভকত বৈষ্ণৱৰ বহা,জাপি বাটচৰাৰ উন্নীতকৰণ, পদপথ নিৰ্মাণৰ আদি কৰি কেইবাটাও আঁচনিৰ এই কামখিনি ছেপ্টেম্বৰ মাহত অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীৰ পূৰ্বে গৃহসমূহ উদ্বোধন কৰা হ’ব আশ্বাস প্ৰদান কৰে । তেওঁ অতিৰিক্ত কামখিনিৰ বাবে লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দি আকাশী গংগাৰ সংৰক্ষণৰ বাবে জলসম্পদ বিভাগক অহা ৬-৭ দিনৰ ভিতৰত কাম হাতত ল’বলৈ নিৰ্দেশ দিয়ে। তদুপৰি বটদ্ৰৱা থান চৌহদৰ দেৱালসমূহো নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। বটদ্ৰৱা প্ৰকল্প ২০২৩ চনৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় খণ্ড আৰম্ভ হ’ব । বটদ্ৰৱা প্ৰকল্প পৰিচালনা ক্ষেত্ৰত দুই এদিনতে গুৱাহাটীত বৈঠক হ’ব বুলি মত প্ৰকাশ কৰে । শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে সুন্দৰকৈ পৰিচালনা হৈ থাকে তাৰ ওপৰতো নতুন দৃষ্টিভংগীৰ কথা আলোচ্য হোৱাৰ কথাও জনায় । ইফালে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ সমীপতে সদ্য বেদখল উচ্ছেদিত ভূমিত সৌৰ শক্তি প্ৰকল্প আৰু এখন ক্ৰীড়া প্ৰকল্প হোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মা উপস্থিত হয় বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ সমীপত প্ৰতিষ্ঠা হোৱা ভাৰতীয় ষ্টেট বেংকৰ শাখাত । ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখাটোৰ শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ইপিনে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিক ঐতিহ্যমণ্ডিত থানখনৰ পানীযোগান আঁচনিখনৰ উন্নয়নৰ বাবে ২৪ লাখ ২৪ হাজাৰ টকাৰ এখনি চেক প্ৰদান কৰে ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখাই ।