সময়ে সময়ে এই পৃথিৱীত কিছুমান আজৱ ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰে।সদ্য পোহৰলৈ আহিছে তেনে এক আচৰিত ঘটনা।চীনত উদ্ধাৰ হৈছে আলিংগনৰত এহাল দম্পতীৰ নৰকংকাল।
খবৰ অনুসৰি চীনৰ প্ৰত্নতাত্বিক সকলে উদ্ধাৰ কৰিছে ১৫০০ বছৰীয়া এহাল দম্পতীৰ নৰ কংকাল। আলিংগনৰত ভংগীত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে দুটি নৰকংকাল।
বিশেষজ্ঞ সকলে অনুমান কৰিছে যে ২০২০ চনত উত্তৰ চীনত আৱিষ্কৃত হোৱা এই কংকাল সমূহ প্ৰায় ১৫০০ বছৰীয়া পুৰণি।চীনৰ শাংকি প্ৰদেশত নিৰ্মাণকাৰ্য চলি থকা সময়ত এটা কবৰস্থান খনন কৰাৰ সময়ত এই কংকাল দুটা উদ্ধাৰ হৈছিল।
পিছত কংকাল দুটা পৰীক্ষা কৰি জানিব পাৰে যে দুয়োটা কংকাল এহাল পুৰুষ- মহিলাৰ আছিল।পুৰুষৰ কংকালটো প্ৰায় ৫ ফুট ৪ ইঞ্চিৰ আছিল আৰু ২৯ ৰ পৰা ৩৫ বছৰত মৃত্যু হৈছিল।
আনহাতে আলিংগনৰত মহিলা গৰাকীৰ কংকাল পৰীক্ষা কৰি বিজ্ঞানী সকলে ঠাৱৰ কৰিছে যে পুৰুষ জনৰ মৃত্যুৰ পিছত তেওঁ নিজৰ জীৱন ত্যাগ কৰি একেলগে সমাধিস্থ হৈছিল।৫ ফুট ২ ইঞ্চিৰ মহিলা গৰাকী আনুমানিক বয়স প্ৰায় ৩৫ ৰ পৰা ৪০ বছৰ আছিল।
ইফালে পুৰুষ কংকালটোৰ হাতৰ হাড় ভঙা আছিল।লগতে সোঁ হাতৰ এটা আঙুলি নাছিল আৰু সোঁ ভৰিৰ হাড়ো ভাঙি গৈছিল।
প্ৰেমৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰা এই নৰকংকাল দুটিৰ উদ্ধাৰে এতিয়া ভবাই তুলিছে যে প্ৰেমৰ মহত্ব কিমান? প্ৰেমৰ স্বৰ্গীয় অনুভূতি সদায় সাস্বত নদীৰ দৰে চিৰ প্ৰবাহমান।