কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছে । শুকুৰবাৰে এই কথা অৱগত কৰে ব’ৰ্ডে। ফলাফল চিবিএছইৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে cbseresults.nic.in ৱেবছাইটতো দ্বাদশ শ্ৰেণীৰ ফলাফল পৰীক্ষা কৰিব পাৰিব। শিক্ষার্থীসকলে ৱেবছাইটত লগ অন কৰি ৰোল নম্বৰ, স্কুল নম্বৰ আৰু এডমিট কাৰ্ড আইডিৰ সৈতে ফলাফল চাব পাৰিব।
শেহতীয়াকৈ চিবিএছই ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ ভুৱা খবৰ ওলাইছিল।চিবিএছচিয়ে ১১ মে’ত এই পৰীক্ষা দুটাৰ ফলাফল প্ৰকাশ কৰিবলৈ ওলাইছে ৷ বিভিন্ন হোৱাটএছ গ্ৰুপত বিয়পি পৰিছে। এই সন্দৰ্ভত এক ভুৱা অধিসূচনাও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে লাভ কৰে ৷ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত চূড়ান্ত বিভ্ৰান্তিৰ সৃষ্টি হয় ৷
চিবিএছই ব’ৰ্ডে সাধাৰণ ফলাফল প্ৰকাশৰ তাৰিখ কোনো সময়ত আগতীয়াকৈ ঘোষণা নকৰে। ফলত ১১ তাৰিখে ফলাফল প্ৰকাশ পাব নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল। সেইদিনা চিবিএছইয়ে এই খবৰটো সম্পূৰ্ণ ভুৱা বুলি খাৰিজ কৰে। ব’ৰ্ডৰ সূত্ৰ অনুসৰি এই সপ্তাহতে ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কাৰণ, ফলাফল প্ৰকাশৰ চূড়ান্ত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। অৱশ্যে ১১ মে’ত ফলাফল প্ৰকাশ নহ’ব বুলি ব’ৰ্ডে প্ৰকাশ কৰে।
ইয়াৰ এদিন পিছত অৰ্থাৎ ১২ মে’ত চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰে। এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণৰ হাৰ ৮৭.৩৩ শতাংশ। যিটো কভিড মহামাৰীৰ সময়ত ২০১৯ চনত উত্তীৰ্ণৰ হাৰতকৈ যথেষ্ট বেছি। সেই বছৰ ৮৩.৪০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল।
ব’ৰ্ডৰ মতে, প্ৰথম, দ্বিতীয়, তৃতীয় বিভাগত কোনে উত্তীৰ্ণ হৈছে সেই অনুসৰি কোনো সুকীয়া তালিকা প্ৰস্তুত কৰা হোৱা নাই। অৱশ্যে যিকোনো বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক ব’ৰ্ডে মেধা প্ৰমাণ পত্ৰ প্ৰদান কৰিব।
চিবিএছইৰ দ্বাদশ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক তিৰুৱানন্তপুৰমত। তাৰ পৰা এইবাৰ ৯৯.৯১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰত পিছ পৰি আছে প্ৰয়াগৰাজ (৭৮.০৫ শতাংশ)।