উত্তৰ প্ৰদেশত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে কমেও ৪০টা বান্দৰৰ মৃতদেহ। দেওবাৰে হাপুৰৰ গৰামুখেশ্বৰ অঞ্চলৰ এটা জোপোহাৰ পৰা উদ্ধাৰ কৰে বান্দৰৰ মৃতদেহ। কি কাৰণত বান্দৰকেইটাৰ মৃত্যু ঘটিছে সেই সন্দর্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
বন বিভাগৰ তথ্য অনুসৰি, প্ৰথম অৱস্থাত বিষক্ৰিয়াৰ বাবে বান্দৰৰ মৃত্যু হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। য’ত বান্দৰৰ মৃতদেহ উদ্ধাৰ হয় তাত তৰমুজ আৰু গুৰ উদ্ধাৰ হৈছে। সেই তৰমুজ আৰু গুড় খাই বান্দৰ কেইটাৰ মৃত্যু হৈছে নেকি তাৰ তদন্ত চলি আছে।
খাদ্য বিষাক্ত হৈছিল নে নাই সেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, এই ঘটনাক লৈ ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে।
স্থানীয় ৰাইজে বান্দৰৰ মৃতদেহ উদ্ধাৰ সন্দৰ্ভত আৰক্ষী আৰু বন বিভাগক অৱগত কৰে। এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী আৰু বন বিভাগে ঘটনাস্থলীত উপস্থিত হয় । বন বিভাগৰ বিষয়াসকলে জনোৱা মতে, বান্দৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাৰেলীস্থিত ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে।