দেশত ৫জি সেৱা আৰম্ভ হোৱাৰ কেইমাহমান হ’ল। বহুতে এই সেৱাত যোগদান কৰিছে। মূলতঃ এই প্ৰযুক্তিৰ মূল উদ্দেশ্য হৈছে ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰা। কিন্তু ৫জি সেৱা পোৱাৰ পিছতো গ্ৰাহকে বহু সমস্যাৰ সন্মুখীন হৈছে। ইণ্টাৰনেট লেহেমীয়া হোৱাৰ বাবে কামত বাধাৰ সৃষ্টি হৈছে । লেহেমীয়া হৈ পৰা ইণ্টাৰনেটৰ ‘গতি’ কেনেদৰে বৃদ্ধি কৰিব পাৰি।
নে’টৱৰ্ক সেৱাসমূহ পৰীক্ষা কৰক
নেটৱৰ্কৰ বিষয়ে অভিযোগ কৰাৰ আগতে আপোনাৰ ফোনত ৫জিসেৱা আচলতে আছে নে নাই পৰীক্ষা কৰক। যদি নাই, তেন্তে প্ৰথমে ছেটিংছত গৈ চাওক যে ফোনটোৰ সৈতে সংযুক্ত নেটৱৰ্কৰ তালিকাত ৫ জি আছে নেকি। যদি আছে তেন্তে অন কৰক।
ফোনটো ৰিষ্টার্ট কৰক
দীৰ্ঘসময় ধৰি এটা জৰুৰী পিডিএফ ডাউনলোড কৰিবলৈ চেষ্টা কৰি আছো। কিন্তু লেহেমীয়া ইন্টাৰনেটৰ বাবে সেয়া সম্ভৱ নহয়। তেনে ক্ষেত্ৰত ফোনটো এবাৰ ৰিষ্টার্ট কৰক। ইণ্টাৰনেটৰ গতি বৃদ্ধি পাব ৷
এপবোৰ বন্ধ কৰক
বহু সময়ত সেই মুহূৰ্তত ব্যৱহাৰ নোহোৱাৰ সময়ত ফোনত কেইবাটাও এপ খোলা থাকে। কিন্তুএই এপসমূহে আধা ডাটা খৰচ কৰে। সেইবাবেই ইণ্টাৰনেট লেহেমীয়াকৈ চলিবলৈ আৰম্ভ কৰে। গতিকে প্ৰথমে এপবোৰ এটা এটাকৈ বন্ধ কৰক। ইয়াৰ পিছত ইণ্টাৰনেট চলাওক।
এয়াৰপ্লেন মোড
এনে পৰিস্থিতিত ফোনটোৰ নেটৱৰ্ক পুনৰ আৰম্ভ কৰিলে সমস্যাটো সমাধান হ’ব পাৰে। তাৰ বাবে ফোনটোৰ ছেটিংছ পেনেললৈ গৈ ‘এয়াৰপ্লেন মোড’ অন কৰক। কিছু সময়ৰ পিছত আকৌ এই ম’ড বন্ধ কৰি দিব। আপুনি দেখিব যে কামত কোনো অসুবিধা নাই।
নে’টৱৰ্ক ছেটিংছসমূহ পুনৰায় ছেট কৰক
ইয়াৰ বাবে ছেটিংছলৈ লৈ যাওক আৰু ‘ৰিছেট’ বিকল্প সক্ৰিয় কৰক। ইয়াৰ পিছত ‘Reset Mobile Network’ অপচনত ক্লিক কৰক। এই কাম কৰাৰ পিছতো ফোনটো পুনৰ আৰম্ভ হ’ব। নেটৱৰ্কটোও দ্ৰুতগতিত চলিব।